নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ মুখ্যমন্ত্রীৰ শপত ল’ব মমতা বেনার্জীয়ে

নিয়মীয়া বাৰ্তা ৪ মেঃ  কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ সর্বশক্তি প্রতিহত কৰি তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱা শাসকীয় তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীয়ে ৫ মে’ত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব৷ কালি ঘোষিত ফলাফলত ২৯২ আসনৰ ভিতৰত ২১২খন আশনেৰে বিপুল জয় সাব্যস্ত কৰা তৃণমূল কংগ্রেছৰ নেত্রী তথা মুখ্যমন্ত্রী বেনার্জীয়ে সন্ধিয়া ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধানখৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷ ইয়াৰ পিছতেই অহা ৫ মে’ত অনুষ্টুপীয়া কার্যসূচীৰে মুখ্যমন্ত্রী হিচাপে মমতা বেনার্জীয়ে শপত গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আজি টিএমচি বিধায়িনী দলৰ বৈঠকত নেতা হিচাপে সর্বসন্মতিক্রমে বেনার্জীক নির্বাচিত কৰা হয়৷ উল্লেখ্য যে ৬ মে’ত মমতা বেনার্জীৰ নতুন কেবিনেটে শপতগ্রহণ কৰাৰ সম্ভাৱনা আছে৷

You might also like