🔹 ভাৰতীয় প্রতিৰক্ষাত ছয় দশকজোৰা যুগৰ অৱসান
নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : ছয় দশকৰ অধিক সময় ভাৰতীয় বায়ুসেনাৰ যুদ্ধৰ মেৰুদণ্ড হৈ পৰা ঐতিহাসিক মিকোৱান–গুৰেভিছ, চমুকৈ মিগ–২১ বিমানখনক ২৬ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে সেৱাৰ পৰা নিবৃতি দিয়া হয়৷ ১৯৬০ চনত ভাৰতীয় বায়ুসেনাত অন্তর্ভুক্ত কৰা হৈছিল ৰাছিয়াত নির্মিত যুদ্ধ বিমানখন৷ মিগৰ সহায়ত ভাৰতৰ বায়ু প্রতিৰক্ষা– জেড যুগৰ আৰম্ভ হৈছিল৷ ১৯৬০ চনৰ পৰা ভাৰতে ৮৭খনতকৈও অধিক মিগ–২১ বিমান ক্রয় কৰি নিজৰ সামগ্রিক যুদ্ধ ক্ষমতা বৃদ্ধি কৰিছিল৷ কালি চণ্ডীগড়ৰ বিমান ঘাটিত মিগ–২১ৰ বিদায় অনুষ্ঠান অনুষ্ঠিত হয়৷
অনুষ্ঠানত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে অংশগ্রহণ কৰি মিগ–২১ক শক্তিশালী যন্ত্র আৰু জাতীয় গৌৰৱ বুলি অভিহিত কৰে৷ তেওঁ এই যুদ্ধ বিমানখনক এখন বিমান হিচাপেই নহয়, ভাৰত–ৰাছিয়াৰ মাজৰ গভীৰ সম্পর্কৰ প্রমাণ বুলিও উল্লেখ কৰে৷ বিমানখনে ভাৰতৰ যুদ্ধৰ ইতিহাসত বহু গৌৰৱময় ক্ষণ সৃষ্টি কৰা বুলি অভিহিত কৰে৷ তেওঁ লগতে কয়– যেতিয়াই ভাৰতে কোনো ঐতিহাসিক অভিযানত অগ্রসৰ হয় তেতিয়াই মিগ–২১ বিমানে ভাৰতীয় পতাকাৰ গৌৰৱ আৰু অধিক বৃদ্ধি কৰে৷ ছয় দশকৰো অধিক সময় ধৰি দেশৰ সাহস, ত্যাগ আৰু গৌৰৱৰ প্রতীক হৈ আছিল মিগ–২১৷ কেৱল যুদ্ধ বা অভিযানেই নহয়, দীর্ঘদিনীয়া ইতিহাসৰ সাক্ষী ৰাছিয়াত নির্মিত যুদ্ধ বিমানখন৷
ইফালে, পুৰণি মিগ–২১ক বিদায় দি আৱেগিক হৈ পৰে ভাৰতীয় মহাকাশচাৰী তথা গ্রুপ কেপ্ঢেইন সুভাংশু শুক্লা৷ তেওঁ কয়– মিগ মোৰ জীৱনৰ এটা অংশ৷ মিগে মোক বহুখিনি শিকালে৷ যুদ্ধ বিমানখনৰ অৱসৰৰ লগে লগে ভাৰতে বায়ুসেনাত তেজছ বিমানৰ শক্তি বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ এই উপলক্ষে হিন্দুস্তান এৰ’নটিকেল লিমিটেডৰ সৈতে প্রতিৰক্ষা মন্ত্রালয়ে ৬২,৩৭০ কোটি টকাৰ এক চুক্তি স্বাক্ষৰ কৰে৷ এই ধনেৰে বায়ুসেনাৰ বাবে ৯৭খন তেজছ বিমান নির্মাণ কৰা হ’ব৷ এই ৯৭খন বিমানৰ ভিতৰত ৬৮খন একক আসনযুক্ত তেজছ এম কে–১এ আৰু বাকী ২৯খন দ্বৈত আসনযুক্ত বিমান হ’ব৷ চুক্তি অনুসৰি ২০২৭–২৮ চনৰ পৰা হিন্দুস্তান এৰ’নটিকেল লিমিটেডে বিমান যোগানৰ কাম আৰম্ভ কৰিব৷ ৬ বছৰৰ ভিতৰত বিমান নির্মাণৰ প্রক্রিয়া সম্পূর্ণ হ’ব৷ থলুৱাভাৱে নির্মিত তেজছ বিমানে ভাৰতীয় বায়ুসেনাৰ শক্তি ঘূৰাই দিয়াৰ আশা কৰা হৈছে৷ ইয়াত অত্যাধুনিক ‘উত্তম ৰাডাৰ’ আৰু আত্মৰক্ষাৰ বাবে ‘স্বয়ং ৰক্ষাকৱচ’ৰ দৰে উন্নত ব্যৱস্থা আছে৷ মোদী চৰকাৰে প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰ হোৱাৰ দিশত কেতবোৰ বৃহৎ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ পূর্বে ২০১১ চনৰ ফেব্রুৱাৰী মাহত চৰকাৰে ৪৮ হাজাৰ কোটি টকাত ৮৩খন তেজছ বিমান অর্ডাৰ কৰিছিল৷
বায়ুসেনাই কয় যে চীন–পাকিস্তানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক কমেও ৪২টা স্কোৱাড্রেনৰ প্রয়োজন৷ বর্তমান ভাৰতৰ হাতত আছে ৩২টা স্কোৱাডোন৷ এটা স্কোৱাড্রেনত থাকে ১৮খন বিমান৷