নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত ‘ৰাস মধুৰম’ শীর্ষক শ্ৰীকৃষ্ণৰ ৰাসলীলা মঞ্চায়ন

নিয়মীয়াবাৰ্তা, ১৩ নৱেম্বৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বর্ষৰ লগত সংগতি ৰাখি ‘জয়ন্তী বর্ষৰ শুভাৰম্ভ কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা-‘ৰাস মধুৰম’ অনুষ্ঠানেৰে। ৰাস যাত্ৰাৰ দুজনা গুৰুৰ মহান পৰম্পৰা অক্ষুন্ন ৰাখি পৰিৱেশনত সমসাময়িক চিন্তাৰে অগ্ৰসৰ হ’বলৈ যত্ন কৰা হৈছে। বৃন্দাবনত কৃষ্ণৰ ৰাস লীলা আৰু কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি বাল্যকালৰ লীলাৰে সামৰি মহাৰাসক সামৰা এই মোহনীয় অনুষ্ঠান পৰিৱেশন কৰিবলৈ বিনম্র প্রয়াস কৰা হৈছে। ‘ৰাস মধুৰম’ মঞ্চায়ন কৰা হয় ১২ নৱেম্বৰ, ২০২২ তাৰিখে সন্ধিয়া ৬-৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত। অনুষ্ঠানটিৰ বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যপাদ সত্ৰাধিকাৰ তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ কার্যনির্বাহী পৰিষদৰ সদস্যা জনার্দন দেৱ গোস্বামীয়ে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বর্ষ উদযাপন উপলক্ষে এক বিনম্র প্রযোজনা ‘ৰাস মধুৰম। অসমৰ ২০ টা নৃগোষ্ঠীয় শিল্পীৰ অভিনয়েৰে মঞ্চায়িত হোৱা শ্রীশ্রী কৃষ্ণ ৰাসলীলাৰ কাহিনী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত কীর্তন-দশম, কেলিগোপাল আৰু ঝুমুৰাসমূহৰ আধাৰত যুগুত কৰা হৈছে।

নাটখনৰ সামগ্রিক পৰিকল্পনা–শ্ৰীমন্ত কৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ, নাট সম্পাদনা হীৰু প্রসাদ মহন্ত, অবিনাশ শর্মা, পৰিচালনা -নৃত্যাংশ ও অকাডেমীৰত্ন পদ্মশ্রী নৃত্যাচার্য যতীন গোস্বামীৰ।

উল্লেখ্য যে অহা ১৪ আৰু ১৬নৱেম্বৰ তাৰিখে নলবাৰীৰ প্রসিদ্ধ শ্রীশ্রীহৰি মন্দিৰ প্ৰাংগণতো এই নাট পৰিৱেশিত হ’ব।

You might also like