নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপ’ৰ দুই অপহূতক মুকলি কৰাৰ বাবে আলফালৈ সমগ্র ৰাজ্যত কাতৰ আহ্বান, শিৱদ’লত বন্তি প্রজ্বলন

নিয়মীয়া বার্তা,  ২১ ফেব্রুৱাৰীঃ সুদীর্ঘ ৬০টা দিন আলফা (স্বাধীন)ৰ জিম্মাত পণবন্দী হিচাপে বন্দিত্বৰ জীৱন অতিবাহিত কৰা কুইপ’ৰ বিষয়া প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ ওপৰত আলফা (স্বাধীন)ৰ তৰফৰ পৰা মৃত্যুদণ্ডৰ দৰে চূডান্ত শাস্তি ঘোষণা কৰা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেই  অপহূতদ্বয়ৰ মুক্তি, মংগল কামনাৰ বাবে ভগৱানৰ শৰণাপন্ন হ’ল একাধিক দল–সংগঠন৷

অপহূতদ্বয়ৰ কুশল মুক্তি আৰু আলফা (স্বাধীন)ৰ শুভবুদ্ধি উদয়ৰ বাবে কালি সন্ধিয়া ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদ’লৰ সন্মুখত চাকি–বন্তি জ্বলাই আঁঠু লৈ জনালে প্রার্থনা৷ অসম ছাত্র সন্মিলনী, বীৰ লাচিত সেনা আৰু অনুসূচিত জাতি ছাত্র সন্থাৰ নেতৃত্বত শতাধিক কর্মকর্তাই শিৱদ’ল প্রাংগণত উপস্থিত হৈ এই কার্যসূচী ৰূপায়ণ কৰে৷

সংগঠন তিনিটাৰ কর্মকর্তাৰ লগতে চহৰখনৰ বহু সচেতন ব্যক্তিয়ে অংশগ্রহণ কৰা এই বিশেষ প্রার্থনাত প্রতিগৰাকী সদস্যই ভগৱান শিৱৰ চৰণত নৈবেদ্য আগবঢ়াই প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ মুক্তিৰ বাবে প্রার্থনা কৰে৷ কর্মকতাসকলে শিৱদ’লৰ প্রৱেশদ্বাৰৰ দুয়োকাষে শতাধিক বন্তি জ্বলাই এই বিশেষ প্রার্থনা সভা অনুষ্ঠিত কৰে৷

উল্লেখ্য যে বিগত ২১ ডিচেম্বৰত অইল ইণ্ডিয়া লিমিটেডৰ অধীনস্থ ব্যক্তিগত তৈল খনন কোম্পানীৰ বিষয়া হিচাপে অৰুণাচল প্রদেশৰ ডায়ুনত কর্মৰত হৈ থকা অৱস্থাতেই আলফা (স্বাধীন) আৰু এন এছ চি এনৰ এটা যুটীয়া দলে অপহৰণ কৰি নিছিল শিৱসাগৰৰ প্রণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক৷

You might also like