নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যধিক ধূমপান কৰাৰ শাস্তি: খুঁটাত বান্ধি পুত্রৰ চকুত জলকীয়াৰ গুড়ি সানিলে মাতৃয়ে

নিয়মীয়া বাৰ্তা, ৬ডিচেম্বৰৰ: পুত্র ধূমপানত আসক্ত৷ বহু চেষ্টা কৰিও কিশোৰ পুত্রৰ ধূমপানৰ আসক্তি বন্ধ কৰিব পৰা নাই মাতৃয়ে৷ গতিকে ধূমপান এৰাবলৈ পুত্রক খুঁটাত বান্ধি চকুত জলকীয়াৰ গুড়ি সানিবলৈ বাধ্য হ’ল মাতৃ৷ কিশোৰ পুত্রই যন্ত্রণাত চিৎকাৰ কৰি থাকিলেও মাতৃৰ শাস্তিৰ পৰা পৰিত্রাণ নাপালে৷ এয়া তেলেংগানাৰ নালগোণ্ডা জিলাৰ ঘটনা৷ এই ঘটনাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি হৈছে৷ ভিডিঅ’টো লকডাউনৰ সময়ৰ বুলি দাবী কৰা হৈছে যদিও ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ই জ্বৰ সৃষ্টি কৰিছে৷ ১৫ বছৰ বয়সীয়া কিশোৰ পুত্রক ধূমপান ত্যাগ কৰিবলৈ বাৰে বাৰে মাতৃয়ে অনুৰোধ জনাই আহিছিল৷ গৃহকর্মী মাতৃয়ে পুত্রক কোনোপধ্যে সৈমান কৰাব পৰা নাছিল৷ গতিকে ক্ষুব্ধ মাতৃয়ে কঠোৰ শাস্তি দিবলৈ বাধ্য হয়৷ প্রথমতে কিশোৰ পুত্রক ঘৰৰ সন্মুখৰ খুঁটাত বান্ধি লৈ পিছত দুয়ো চকুত নির্দয়ভাৱে সানি দিয়ে জলকীয়াৰ গুড়ি৷

You might also like