নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্ৰতিঘণ্টাত ১৩০০০ৰো অধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিডৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ লোৱা দেখা গৈছে সমগ্ৰ দেশত। ভাৰতবৰ্ষত দেখা গৈছে জৰুৰীকালীন পৰিস্থিতি সদৃশ পৰিৱেশ। দেশখনৰ প্ৰতিটো দিনেই হৈ পৰিছে অধিক ভয়ংকৰ। এটা দিনৰ সকলো অভিলেখ ভংগ কৰি ভাৰতত কালিৰ দিনটোত আক্ৰান্ত হৈছে ৩,১৫,৫৫২গৰাকী লোক।

এই হিচাপ যদি ঘণ্টাৰ হিচাপত কৰা হয় তেন্তে প্ৰতি ঘণ্টাত ভাৰতত ১৩০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে ক’ভিডত। বিশ্বৰ ভিতৰত এটা দিনত সৰ্বাধিক আক্ৰান্ত হোৱা দেশ এতিয়া ভাৰত। অকল আক্ৰান্তই নহয়, মৃত্যুৱেও বিভীষিকাৰ সৃষ্টি কৰিছে দেশখনত। এটা দিনত ২১০১গৰাকী লোক মৃত্যুমুখত পৰিছে দেশত।

দেশখনৰ মুঠ ২৩খনত ৰাজ্যত এতিয়া চলিছে ক’ৰোনাৰ সংহাৰ। দেশৰ এনে পৰিস্থিতি প্ৰত্যক্ষ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে দেশত ইমাৰ্জেন্সী সদৃশ পৰিৱেশৰ সূচনা হোৱা বুলি ক’বলৈ বাধ্য হৈছে।

ন্যায়ালয়খনে আনকি ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে দেশ কি ধৰণে সাজু তাক জানিবলৈ চৰকাৰলৈ জাননীও জাৰি কৰিছে।

দেশৰ লগতে অসমতো বৃদ্ধি পাইছে ক’ভিড-শংকা। বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ক’ভিড সংক্ৰমণৰ হাৰ ২.৬৮ শতাংশলৈ বৃদ্ধি পাইছে। কামৰূপ মহানগৰত ৬৭৪গৰাকী, কামৰূপ গ্ৰাম্যত ১২৫গৰাকী ব্যক্তি বিগত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে।

You might also like