নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলত নাছাৰ ঐতিহাসিক খোজ, মঙলৰ বতাহত অক্সিজেন প্ৰস্তুত পাৰ্চিভাৰেন্স ৰোভাৰৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা প্ৰেৰিত পাৰ্চিভাৰেন্স ৰোভাৰে ইতিহাস ৰচনা কৰাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ নাছাৰ পৰা পোৱা তথ্য অনুযায়ী এই ৰোভাৰে মঙল গ্ৰহৰ বায়ুমণ্ডলৰ পৰা কিছু কাৰ্বন ডাই অক্সাইডক অক্সিজেনলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছে।

নাছাৰ এই ঐতিহাসিক কাৰ্যই প্ৰমাণ কৰি দেখুৱালে যে মঙল গ্ৰহত বাস কৰাটো এতিয়া অলীক কল্পনা নহয়। এই প্ৰযুক্তিৰ দ্বাৰা মানুহে পৃথিৱীৰ দৰে ৰঙা গ্ৰহতো উশাহ ল’বলৈ সক্ষম হ’ব।

নাছাৰ মহাকাশ প্ৰযুক্তি অভিযানৰ মুৰব্বী জিম ৰাইটাৰে কয় যে মঙল গ্ৰহত কাৰ্বন ডাই অক্সাইডক অক্সিজেনলৈ ৰূপান্তৰ কৰাটো ৰঙা গ্ৰহত বাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পাৰ্চিভাৰেন্স ৰোভাৰে ২০ এপ্ৰিলত এই প্ৰযুক্তি ব্যৱহাৰ কৰে আৰু আজি নাছাই ইয়াৰ ফলাফল ঘোষণা কৰে।

নাছাই ৰোভাৰৰ লগত পঠিওৱা সঁজুলিৰ সহায়ত প্ৰতি ঘণ্টাত ১০ গ্ৰাম অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই সঁজুলি মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজীৰ দ্বাৰা বিকশিত কৰা হৈছিল।

উল্লেখ্য, প্ৰখ্যাত প্ৰযুক্তিবিদ তথা স্পেচ এক্স কোম্পানীৰ স্বত্বাধিকাৰী এলন মাস্কে ২০৩০ৰ ভিতৰত মঙলত মানুহৰ বসতি স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ সময়ত নাছাৰ অক্সিজেন উৎপাদনৰ কথাটোৱে মাস্কৰ সপোনক আৰু এখোজ আগুৱাই নিলে বুলি ক’ব পাৰি।

You might also like