নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মহীয়া সন্তানক এৰি সীমান্তলৈ এগৰাকী মহিলা জোৱানঃ দেশ ৰক্ষাৰ বাবে মচিলে নিজৰ চকুপানী

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:  আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন? কোৱা হয় যে নিজৰ জীৱনতকৈও মাতৃয়ে নিজৰ সন্তানক বেছি ভাল পায়। প্ৰতিটো পৰিস্থিতিতে এগৰাকী মাতৃয়ে সন্তানৰ যত্ন লয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’। এই ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মাতৃয়ে নিজৰ ১০ মহীয়া কন্যা সন্তানক এৰি ৰেলযোগে কৰ্তব্যলৈ উভতি গৈছে। যোৱাৰ সময়ত তেওঁ নিজৰ চকুপানী ৰখাব নোৱাৰিলে। ষ্টেচনতেই তেওঁ কান্দিবলৈ ধৰিলে। স্বামী আৰু সন্তানক সাৱটি ধৰি কান্দিবলৈ ধৰিলে।

দেশ সেৱাৰ সন্মুখত এইগৰাকী মহিলা নিৰাপত্তাৰক্ষীয়ে আনকি মাতৃৰ মমতাকো পৰিত্যাগ কৰিলে। এই ভিডিঅ’টো ইণ্টাৰনেটত ভাইৰেল হৈ আছে।

ছ’চিয়েল মিডিয়াত পোৱা তথ্য অনুসৰি নিৰাপত্তাৰক্ষীগৰাকীৰ নাম বর্ষনী পাটিল৷ তেওঁ পুনৰ নিজৰ কৰ্তব্যলৈ ঘূৰি আহিছে। ভিডিঅ’টোত দেখা গৈছে যে তেওঁ কোলাত সৰু ছোৱালী এজনী লৈ কান্দি আছে। এই ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত সকলোকে যথেষ্ট আৱেগিক কৰি তুলিছে।

You might also like