নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত এজন যুৱকৰ সলিল সমাধি, শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:   ৰঙিয়া-তামুলপুৰ সীমান্তৰ ঘোগাৰপাৰত কৰুণ ঘটনা । ঘোগাজানত পৰি সলিল সমাধি এজন যুৱকৰ । মৃত যুৱকজন হৈছে ৰঙিয়াৰ ঘোগাৰপাৰৰ সঞ্জয় দে’ (৩৫) । দেওবাৰে নিশা ৰঙিয়াৰ পৰা নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত ঘোগাজানত পিছলি পৰে যুৱকজন । তাৰ পিছতে ঘোগাজানত সন্ধানহীন হৈ পৰে যুৱকজন । খবৰটো বিয়পি পৰাৰ লগে লগে ততাতৈয়াকৈ খবৰ দিয়া হয় তুলসীবাৰী আৰক্ষীক । আৰক্ষীয়ে বিচাৰ-খোচাৰ কৰিলে যদিও নিশা হোৱাৰ বাবে কোনো সন্ধান উলিয়াব নোৱাৰিলে যুৱকজনৰ । সোমবাৰে এছ ডি আৰ এফ বাহিনীয়ে ঘোগাজানত অভিযান চলায় অৱশেষত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । মৃত লোকজন বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল । যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে ।

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like