নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ ভাৰতত পুনৰ সামুদ্রিক ধুমুহাৰ আশংকা

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত সামুদ্রিক ধুমুহা নিবাৰে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত তামিলনাডু আৰু কেৰালাত অন্য এক ধুমুহাই খুন্দিয়াব বুলি সতর্কবাণী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷

স্মর্তব্য যে যোৱা সপ্তাহত সামুদ্রিক ধুমুহা নিবাৰে তামিলনাডুত তাণ্ডৱ সৃষ্টি কৰিছিল৷ অৱশ্যে কোনো লোক হতাহত হোৱা নাছিল এই ধুমুহাৰ ফলত৷ শেহতীয়াকৈ পুনৰ এক সামুদ্রিক ধুমুহা আহি তামিলনাডু আৰু কেৰালাত তাণ্ডৱ সৃষ্টি কৰিব বুলি বতৰ বিজ্ঞান বিভাগে সতর্ক বাণী কৰাৰ পিছতে উপকূলীয় অঞ্চলসমূহত সৃষ্টি হৈছে আতংক৷ আগন্তুক ২ ডিচেম্বৰত শ্রীলংকাৰ উপকূলীয় অঞ্চল অতিক্রম কৰিব এই ধুমুহাই৷ তেতিয়াই তামিলনাডু আৰু কেৰালাত মুষলধাৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে৷

You might also like