নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে ৰাজনৈতিক যাত্রা আৰম্ভ হ’ব অভিনেতা ৰজনীকান্তৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ দক্ষিণৰ চলচ্চিত্র জগতৰ জনপ্রিয় অভিনেতা ৰজনীকান্তই শীঘ্রে ৰাজনৈতিক যাত্রা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিব৷ শেহতীয়াকৈ ৰজনীকান্তৰ ফেন ক্লাবৰ জিলা সম্পাদকসকলৰ এক বৈঠক অনুষ্ঠিত হৈছিল৷ এই বৈঠকত অভিনেতাগৰাকীয়ে সকলোৰে মতামত গ্রহণ কৰাৰ উপৰি নিজৰ মতামত সদৰী কৰিছে৷

ৰজনী মাক্কাল মানড্রাম নামৰ ফেন ক্লাবটোৰ প্রতিনিধিসকলে অভিনেতাগৰাকীৰ শীঘ্রে ৰাজনৈতিক যাত্রা আৰম্ভ হোৱাটো বিচাৰিছে৷ চেন্নাইস্থিত নিজ বাসভৱনৰ বাহিৰত সাংবাদিকৰ স’তে হোৱা মত বিনিময়ত ৰজনীকান্তই নিজৰ মতামত প্রকাশ কৰাৰ পিছতেই বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

উল্লেখনীয় যে অন্য এগৰাকী জনপ্রিয় অভিনেতা কমল হাছানে ইতিমধ্যে ৰাজনৈতিক ক্ষেত্রখনত ভৰি দিছে৷ হাছানে নিজে গঠন কৰিছে নতুন ৰাজনৈতিক দল৷ ৰজনীকান্তৰ তৰফৰ পৰাও শীঘ্রে নতুন ৰাজনৈতিক দল এটা গঠন হ’ব বুলি তেওঁৰ অনুৰাগীসকলে আশা প্রকাশ কৰি আছে৷ অৱশ্যে দীর্ঘদিন ধৰি অনুৰাগীসকলক কৌতূহলৰ মাজত ৰাখিছে জনপ্রিয় অভিনেতাগৰাকীয়ে৷

You might also like