নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজ’ন বর্ষা অৰণ্যৰ আদিবাসী নেত্রীলৈ গ’ল্ডমেন পৰিৱেশ বঁটা

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ইকুৱেডৰৰ আমাজ’ন অৰণ্যৰ আদিবাসী সম্প্রদায়ৰ নেত্রী এগৰাকীলৈ এইবাৰ আগবঢ়োৱা হৈছে গ’ল্ডমেন পৰিৱেশ বঁটা৷ তৃণমূল পর্যায়ত আগবঢ়োৱা সেৱাৰ বাবে এই বঁটাৰে সন্মানিত কৰা হৈছে নেমণ্টে নেনকুইম’ নামৰ মহিলাগৰাকীক৷ উল্লেখনীয় যে তৈলক্ষেত্র সম্প্রসাৰণৰ পৰা পাঁচ লাখ একৰ বর্ষা অৰণ্য অঞ্চল সুৰক্ষিত কৰি ৰাখিছে মহিলাগৰাকীয়ে৷

নেমণ্টে আৰু তেওঁৰ ৱাওৰানি আদিবাসী সম্প্রদায়ৰ অন্য সদস্যসকল ইকুৱেডৰ চৰকাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছিল৷ চৰকাৰে আদিবাসী ৱাওৰানি সম্প্রদায়ৰ বসতি অঞ্চল তেল কোম্পানীক বিক্রী কৰাৰ সিদ্ধান্ত লৈছিল৷ নেমণ্টেৰ বাবে চৰকাৰৰ এই চেষ্টা ব্যর্থ হয়৷ ২০১৯ চনত ৱাওৰানি সম্প্রদায়ে গোচৰত জয়লাভ কৰে৷ আমাজ’ন বর্ষা অৰণ্য ৰক্ষাৰ বাবে মহিলাগৰাকীয়ে গ্রহণ কৰা পদক্ষেপক বিভিন্ন সংগঠনে প্রশংসা কৰিছে৷

বিশ্বৰ পৰিৱেশ সংগঠনসমূহে নেমণ্টেৰ এই প্রচেষ্টাৰ বাবে ইকুৱেডৰৰ বর্ষা অৰণ্যত আদিবাসী ৱাওৰানিৰ অধিকাৰ সুৰক্ষিত হোৱা বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে হাজাৰ হাজাৰ বছৰ ধৰি ৱাওৰানি লোকসকলে অৰণ্যৰ অধিকাৰ সুৰক্ষিত কৰি আহিছে৷ আনকি সাংস্কৃতিকভাৱেও অতি সমৃদ্ধ ইকুৱেডৰৰ বর্ষা অৰণ্যৰ ৱাওৰানি সম্প্রদায়৷

You might also like