নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰৰ ১০টা স্থানত নিয়াৰ তালাচীঃ ক্ষুব্ধ মেহবুবা মুফতি

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ এন জি অ’ আৰু ন্যাসৰ নামত দেশ–বিদেশৰ পৰা ধন সংগ্রহ কৰি সেই ধন জম্মু–কাশ্মীৰৰ বিচ্ছিন্নতাবাদ তথা সন্ত্রাসবাদী কার্যত ব্যৱহাৰ কৰাৰ অভিযোগত কালি ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই কেইবাস্থানতো তালাচী চলাইছে৷ জম্মু–কাশ্মীৰৰ মুঠ ১০টা স্থানত নিয়াই তালাচী চলোৱা বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷

নিয়াৰ এই তালাচীৰ ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পি ডি পিৰ শীর্ষ নেত্রী মেহবুবা মুফতিয়ে৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে জম্মু–কাশ্মীৰৰ জনসাধাৰণৰ মত প্রকাশৰ স্বাধীনতাক হৰণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে এই ব্যৱস্থা গ্রহণ কৰিছে৷

নিয়াৰ জৰিয়তে জম্মু–কাশ্মীৰৰ এন জি অ’ তথা ন্যাসবোৰত আতংকৰ সৃষ্টি কৰাৰ এয়া এক পৰিকল্পনা বুলি প্রতিক্রিয়া প্রকাশ কৰিছে মেহবুবাই৷ স্মর্তব্য যে চলিত বর্ষৰ ৮ অক্টোবৰত নিয়াই এই সন্দর্ভত এক গোচৰ ৰুজু কৰি কেইবাটাও এনজি’ আৰু ন্যাসৰ বিৰুদ্ধে তদন্ত চলাব বুলি ঘোষণা কৰিছিল৷

You might also like