নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকৰ তথ্য নাইঃ ক্ষতিপূৰণৰ প্রশ্ণই নুঠে

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীৰে বছৰজোৰা আন্দোলনৰ সময়ত মৃত্যু হোৱা কৃষকৰ কোনো তথ্য নাই৷ গতিকে কাকো বিত্তীয় সাহায্য প্রদানৰ প্রশ্ন নুঠে৷ লোকসভাত এই মন্তব্য কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰৰ৷ চলিত সংসদৰ শীতকালীন অধিৱেশনত আজি সাংসদৰ প্রশ্ণৰ উত্তৰ দি কৃষিমন্ত্রী টোমৰে কয় যে আন্দোলনৰ সময়ত কৃষকৰ মৃত্যু হোৱাৰ কোনো তথ্য কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ হাতত নাই৷ গতিকে ক্ষতিপূৰণ দিয়াৰ প্রশ্ণই নুঠে৷ লোকসভাৰ মজিয়াত সাংসদে কৃষি আইনক লৈ আন্দোলন সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত কৃষিমন্ত্রীগৰাকীয়ে কৃষকৰ মৃত্যুৰ তথ্য নাই বুলি উল্লেখ কৰে যদিও কৃষকৰ আন্দোলন সমাধান কৰিবলৈ কৃষকৰ সৈতে একাদশ লানি আলেচনাত মিলিত হোৱা বুলি প্রকাশ কৰিছে৷ কৃষিমন্ত্রী টোমৰৰ লোকসভাত কৃষক আন্দোলনৰ সময়ত কৃষকৰ মৃত্যু হোৱাৰ কোনো তথ্য হাতত নাই বুলি মন্তব্য প্রকাশ কৰাৰ পাছতেই সৰৱ হৈ পৰিছে বিৰোধী কংগ্রেছ দল৷

আন্দোলনৰ সময়ত কৃষকৰ মৃত্যু আৰু তেনে কৃষকক ক্ষতিপূৰণ দিয়াৰ কোনো প্রশ্ণ নুঠে বুলি কৃষিমন্ত্রীগৰাকীয়ে কৰা মন্তব্যক গৰিহণা দিয়ে ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্রেছৰ জ্যেষ্ঠ নেতা মল্লিকার্জুন খার্গেই৷ কেন্দ্রীয় চৰকাৰক গৰিহণা দি ৰাজ্যসভাৰ বিৰোধী দলপতি খার্গেই কয় যে আন্দোলনৰ সময়ছোৱাত ৭০০তকৈ অধিক কৃষকৰ মৃত্যু ঘটিছে আৰু চৰকাৰে কৈছে তেওঁলোকৰ হাতত কোনো তথ্য নাই৷ কৃষক আন্দোলনক লৈ চৰকাৰৰ এই মন্তব্য কৃষকক ইতিকিং৷ কেন্দ্রক সমালোচনা কৰি খার্গেই কয়– যদি ৭০০ লোকৰ তথ্যই চৰকাৰৰ হাতত নাই, তেতিয়াহ’লে তেওঁলোকে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ মৃত্যু হোৱা বুলি তথ্য কেনেকৈ সংগ্রহ কৰিছে? বিগত দুবছৰত মহামাৰী ক’ভিড–১৯ত ৫০ লাখতকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷ কিন্তু চৰকাৰৰ তথ্য অনুসৰি মহামাৰী ভাইৰাছটোত মাত্র চাৰি লাখ লোকৰহে মৃত্যু ঘটিছে৷

উল্লেখ্য যে তিনি কৃষি আইন প্রত্যাহাৰ কৰা আন্দোলনত শ্বহীদ হোৱা ৭০০তকৈ অধিক কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কৃষক সংগঠনৰ সন্মিলিত মঞ্চই দাবী জনাই আহিছে৷ সংযুক্ত কিষাণ মর্চাৰ নেতৃত্বত বছৰজোৰাকৈ চলি থকা কৃষক আন্দোলনৰ সময়ত ৭০০তকৈ অধিক কৃষকৰ মৃত্যু ঘটা বুলি সংগঠনটোৱে প্রকাশ কৰিছে৷ ইয়াৰ পাছতো কেন্দ্রীয় চৰকাৰৰ হাতত তথ্য নথকাটো অতিকৈ আশ্চর্যৰ বিষয়৷

You might also like