নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো চিলিণ্ডাৰত বাঢ়িল ১০০ টকা

এলপিজিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ মূল্য বৃদ্ধি

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ এল পি জিৰ বাণিজ্যিক চিলিণ্ডাৰত পুনৰ মূল্যবৃদ্ধি৷ যোৱা ১ নৱেম্বৰত এল পি জিৰ বাণিজ্যিক চিলিণ্ডাৰত ২৬৬ টকা বৃদ্ধি কৰাৰ এমাহৰ পাছত আজি পুনৰ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০০ টকা বৃদ্ধি কৰিলে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীয়ে৷ এমাহতে দুবাৰকৈ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰত মূল্য বৃদ্ধি কৰাত দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,১০১ টকালৈ বৃদ্ধি পালে৷ দেশৰ মেট্র’পলিটান চহৰ মুম্বাইত প্রতিটো চিলিণ্ডাৰত ২,০৫১ টকা, কলকাতাত ২,১৭৪.৫০ টকা আৰু দেশৰ ভিতৰত সর্বাধিক চেন্নাইত ২,২৩৪.৫০ টকা৷ লক্ষণীয় যে ঘৰুৱা চিলিণ্ডাৰ ১৪.২ কেজি, ৫ কেজি আৰু ১০ কেজি চিলিণ্ডাৰত আজি ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে মূল্য বৃদ্ধি কৰা নাই৷ গুৰুত্বপূর্ণ যে প্রতিমাহৰ আৰম্ভতে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত এল পি জি চিলিণ্ডাৰৰ মূল্য সংশোধন কৰি আহিছে৷ সেইমর্মে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি নকৰিলেও বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিলে৷ ১ নৱেম্বৰৰ পূর্বে ১ অক্টোবৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪২ টকা বৃদ্ধি কৰাৰ বিপৰীতে ১ ছেপ্ঢেম্বৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৭৫ টকা বৃদ্ধি কৰিছিল৷ অৱশ্যে ৬ অক্টোবৰত প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য মাত্র ২.৫০ টকা হ্রাস কৰিছিল৷

You might also like