নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত অমিত শ্বাহ-জে পি নাড্ডাঃ কাইলৈ উদ্বোধন কৰিব ৰাজ্যিক বিজেপিৰ নৱনির্মিত মুখ্য কার্যালয়

  • ৯০ৰ দশকৰ ৭৫গৰাকী বিজেপি কার্যকর্তাৰে বার্তালাপ কৰিব নাড্ডা–মিত শ্বাহে
  • খানাপাৰাত বিশাল বুথ সন্মিলন উদ্বোধন কৰিব ৰাষ্ট্রীয় নেতাদ্বয়ে
  • লোকসভা নির্বাচনক লক্ষ্য কৰি ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই গঠন কৰিলে ৰাজ্যিক ক’ৰ কমিটী, নির্বাচন কমিটী, অনুশাসন কমিটী

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ ২০২৪ চনৰ লোকসভা নির্বাচনত অসমত আসনৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে আগতীয়াকৈ প্রস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে৷ এই উদ্দেশ্যে দলীয় কর্মী, কার্যকর্তাক উৎসাহিত কৰাৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ মুখ্যতঃ মহানগৰীৰ বশিষ্ঠত ৰাজ্যিক বিজেপিৰ নতুনকৈ নির্মাণ কৰি উলিওৱা মুখ্য কার্যালয়ৰ শুভ উদ্বোধনৰ বাবে উপস্থিত হ’বলগীয়া শাসকীয় দলটোত শীর্ষ নেতাদ্বয়ে আগন্তুক লোকসভা নির্বাচনৰ বাবেও ৰাজ্যিক নেতৃত্বক লগত লৈ প্রস্তুত কৰিব বিশেষ ৰণকৌশল৷

উল্লেখ্য যে লোকসভা নির্বাচনৰ প্রাক্ক্ষণত তৃণমূল কর্মী তথা বুথ কর্মী আৰু শক্তিকেন্দ্রৰ কর্মীসকলক অধিক সক্রিয় কৰাৰ বাবে দলীয় নেতৃত্বই গ্রহণ কৰিছে এলানি বিশেষ কার্যসূচী৷ এই কার্যসূচীৰ সমান্তৰালকৈ লোকসভা নির্বাচনত দলৰ ৰণকৌশল কি হ’ব, কোন কোন সমষ্টিক লক্ষ্য কৰি দলৰ স্থিতি কি হ’ব সেই সম্পর্কে বিস্তৃত পর্যালোচনা চলাব ৰাষ্ট্রপতি সভাপতি জে পি নাড্ডা আৰু অমিত শ্বাহে৷

 সেই অনুসৰি ৮ অক্টোবৰত অমিত শ্বাহ আৰু জে পি নাড্ডাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে অন্যান্য ৰাষ্ট্রীয় নেতৃত্ব, ৰাজ্য চৰকাৰৰ মন্ত্রী, বিধায়ক, সাংসদ, ৰাজ্যিক তথা জিলা বিষয়ববীয়া, দলৰ জ্যেষ্ঠ কার্যকর্তাৰ উপস্থিতিত বশিষ্ঠত ৰাজ্যিক বিজেপিৰ নৱনির্মিত কার্যালয়টো শুভ উদ্বোধন কৰিব৷ এই অনুষ্ঠানৰ পাছতেই ৰাজ্যিক বিজেপিৰ ’৯০ দশকৰ ৭৫গৰাকী জ্যেষ্ঠ কার্যকর্তাক বিশেষভাৱে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ সৈতে বার্তালাপত মিলিত হ’ব৷ ইয়াৰ পাছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বিশাল কার্যকর্তা সন্মিলন, য’ত উপস্থিত থাকিব ৪৫ হাজাৰতকৈ অধিক কার্যকর্তা৷ ৰাজ্যিক বিজেপিৰ ৪০খন সাংগঠনিক জিলাৰ পৰা বুথ সভাপতি, শক্তিকেন্দ্র প্রমুখ, মণ্ডল সভাপতি, জিলা বিষয়ববীয়াসকল এই সন্মিলনত উপস্থিত থাকিব৷

মন কৰিবলগীয়া যে কালি বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হ’বলগীয়া জে পি নাড্ডা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নৱনির্মিত মুখ্য কার্যালয়ত ক’ৰ কমিটীৰ বৈঠকত বহিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্রাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মাৰ লগতে কেইবাজনো শীর্ষ পর্যায়ৰ নেতাৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই ক’ৰ কমিটীৰ বৈঠকত ২০২৪ৰ লোকসভা নির্বাচনৰ লগতে আন কেতবোৰ গুৰুত্বপূর্ণ বিষয় সন্দর্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে৷

You might also like