নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ভিডৰ দ্বিতীয় জোৱাৰৰ নিয়ন্ত্রণহীন সংক্রমণঃ মাত্র তিনিটা দিনতে আক্রান্ত ১০ লাখ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ অতি বিপজ্জনক আৰু ভয়াৱহ হৈছে দেশৰ ক’ভিড পৰিস্থিতি৷ ক’ভিড–১৯ ইমানেই তীব্রতাৰে সংক্রমিত হৈছে যে দেশজুৰি আক্রান্তৰ সংখ্যা বিগত তিনি দিন ধৰি ৩ লক্ষাধিক হৈছে৷ যোৱা ২৪ ঘণ্টাত ৩.৪৬ লক্ষাধিক লোক আক্রান্ত হোৱাত তিনি দিনতে প্রায় ১০ লাখ লোক ঘাতক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ যোৱা ২১ এপ্রিলত বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতত ৩ লক্ষাধিক লোক আক্রান্ত হোৱাৰ পিছত ২২ এপ্রিলত আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ ৩.৩৪ লক্ষাধিকলৈ বৃদ্ধি পায়৷ যোৱা ২৪ ঘণ্টাত অর্থাৎ ২৩ এপ্রিলত ইয়াৰ সংখ্যা বৃদ্ধি হৈ এদিনত পুনৰ অনাকাংক্ষিতভাৱে ৩,৪৬,৭৮৬জন আক্রান্ত হয়৷ এপ্রিল মাহত আক্রান্তৰ সংখ্যা প্রায় ৪০ লাখ হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ১.৬৬ কোটিৰ অধিক হৈছে৷

ইপিনে যোৱা ২৪ ঘণ্টাত ২,৬২৪জন লোকৰ প্রাণহানি ঘটাত মৃতকৰ সংখ্যা ১৮,৯৫,৪০০জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি বর্তমান দেশত ২৫,৫৩,৯৪০ ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ চলিত বর্ষৰ ক’ৰোনা মহামাৰীত সর্বাধিক ক্ষতিৰ সন্মুখীন হৈছে মহাৰাষ্ট্র৷

বিগত বর্ষতো মহাৰাষ্ট্রত সর্বাধিক আক্রান্ত হোৱাৰ লগতে সর্বাধিক ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে৷ মহাৰাষ্ট্রত ক’ভিড–১৯সৃষ্ট পৰিৱেশ ইমানেই ভয়াৱহ যে হাস্পতালে হাস্পতালে মৃত্যুৰ কিৰীলি৷ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে স্থানৰ অভাৱ৷ এনে এক পৰিস্থিতিও দেখা গৈছে যে চিকিৎসালয়ৰ চৌহদৰ লগতে বাহিৰতো ৰোগী পৰি আছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত হৈছে ৬৬,৮৩৬জন, মৃত্যু ঘটিছে ৭৭৩জনৰ৷

ইপিনে, দেশৰ ৰাজধানী দিল্লীতো ঘাতক ক’ভিডে সংহাৰী ৰূপ লৈছে৷ যোৱা ২৪ ঘণ্টাত ২৪,৩৩১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ৩৪৮জনে প্রাণ হেৰুৱাইছে৷ উত্তৰ প্রদেশত যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৩৬,৬০৫, কেৰালাত ২৮,৪৪৭, কর্ণাটকত ২৬,৯৬২জন৷

মন কৰিবলগীয়া যে এই পাঁচখন ৰাজ্যত সম্প্রতি দেশত আক্রান্তৰ ভিতৰত ৫২.৮২ শতাংশ ৰোগী আছে৷ মহাৰাষ্ট্রত অকলেই মুঠ আক্রান্তৰ ভিতৰত ১৯.২৭ শতাংশ৷

You might also like