নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টোলগেটৰ মাচুলৰ পৰা ৰেহাই অক্সিজেন পৰিবাহী টেংকাৰক

নিয়মীয়া বাৰ্তা, ১০ মে: ক’ভিড মহামাৰী প্রতিৰোধৰ বাবে লিকুইড মেডিকেল অক্সিজেন (এলএম’) অক্সিজেন কঢ়িওৱা টেংকাৰ তথা কণ্টেইনাৰ পৰিবাহী ট্রাকসমূহক টোলগেটসমূহৰ মাচুল আদায়ৰ পৰা ৰেহাই দিয়া হ’ব৷ ভাৰতীয় ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ (এনএইচএআই)ৰ তৰফৰ পৰা আজি এই কথা ঘোষণা কৰা হৈছে৷ এন এইচ এ আইৰ পৰা জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে যে আগন্তুক দুমাহলৈ জৰুৰী সেৱাত জড়িত বাহনসমূহৰ দৰে অক্সিজেন পৰিবাহী টেংকাৰ তথা ট্রাকসমূহে অনুৰূপ সুবিধা লাভ কৰিব৷ দুমাহ পিছত এই বিষয়টো সন্দর্ভত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে চিন্তা–চর্চা চলাই পুনৰ সিদ্ধান্ত গ্রহণ কৰিব বুলিও আজি জাৰি কৰা জাননীত উল্লেখ কৰা হৈছে৷

স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সময়ত জৰুৰী সেৱা বিভাগসমূহৰ সমান্তৰালকৈ এই বাহনসমূহকো কোনোধৰণৰ বাধা প্রদান নকৰাকৈ ক’ভিড যুঁজৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়া হৈছে৷ ইয়াৰ পূর্বে বিভিন্ন দল–সংগঠনে অক্সিজেন পৰিবাহী বাহনসমূহক টোল গেটৰ মাচুল আদায় দিয়াৰ পৰা ৰেহাই দিবলৈ দাবী জনাইছিল৷

You might also like