নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাবুলৰ বিদ্যালয়ত সন্ত্রাসবাদীৰ বোমা বিস্ফোৰণ, শিক্ষার্থীসহ নিহত ৫৮

নিয়মীয়া বাৰ্তা, ১০ মে:  সংঘর্ষজর্জৰ মধ্য এছিয়াৰ ৰাষ্ট্র আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত কালি সংঘটিত এলানি বিস্ফোৰণত কমপক্ষেও ৫৮গৰাকী লোক নিহত হৈছে৷ বিদ্যালয়খনৰ প্রাসাদৰ পৰা শিক্ষার্থীসকল বাহিৰলৈ ওলাবলৈ লোৱাৰ সময়তে এই বিস্ফোৰণকেইটা সংঘটিত হৈছে৷ নিহত লোকসকলৰ গৰিষ্ঠসংখ্যকেই ছাত্রী বুলি স্থানীয় সংবাদ মাধ্যমে সদৰী কৰিছে৷ উল্লেখনীয় যে কাবুলৰ ডাষ্ট–ই–বার্চি অঞ্চলত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে৷ অঞ্চলটোত সঘনে ছুন্নি ইছলামিষ্ট সন্ত্রাসবাদী গোটে আক্রমণ সংঘটিত কৰি আহিছে৷ আফগান চৰকাৰে তাৎক্ষণিকভাৱে এই আক্রমণৰ ঘটনাত তালিবান জড়িত থকা বুলি অভিযোগ কৰিছে যদিও সন্ত্রাসবাদী সংগঠনটোৱে তাক অস্বীকাৰ কৰিছে৷

অন্য কোনো সন্ত্রাসবাদী গোটেও এই বাতৰি যুগুতোৱাৰ পৰলৈ আক্রমণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷ লক্ষণীয়ভাৱে এই বিস্ফোৰণৰ ঘটনাৰ পিছতে ন’বেল শান্তি বঁটা বিজয়ী যুৱতী মালালা ইউছুফজায়ে গভীৰ শোক প্রকাশ কৰি বিস্ফোৰণত নিহত শিক্ষার্থীসকলৰ পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰিছে৷ ২০১২ চনত পাক তালিবানৰ আক্রমণৰ পৰা কথমপি জীৱন ৰক্ষা পৰিছিল মালালা ইউছুফজাইৰ৷ সন্ত্রাসবাদী গোটে কিয় শেহতীয়াকৈ কাবুলৰ বিদ্যালয়ক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে সেয়া স্পষ্ট নহয়৷ ইয়াত কুখ্যাত ইছলামিষ্ট জেহাদী গোট জড়িত থকাটো নিশ্চিত বুলি নিৰাপত্তা বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

You might also like