নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফক সাক্ষাৎ পাক প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১৩ মেঃ ইমৰান খানক অনাস্থা প্রস্তাৱেৰে ক্ষমতাৰ পৰা উৎখাত কৰি পাকিস্তানৰ প্রধানমন্ত্রীৰ পদত অধিষ্ঠিত হোৱা শ্বেহৱাজ শ্বৰীফে আজি তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফক লণ্ডনত সাক্ষাৎ কৰে৷ দুয়ো ভাতৃয়ে সাক্ষাতৰ সময়ত আৱেগিক হৈ পৰাৰ পিছত দেশখনৰ আর্থিক ৰাজনৈতিক পৰিস্থিতিক লৈ বিতং আলোচনা কৰে৷ প্রধানমন্ত্রী হিচাপে দায়িত্ব লৈ প্রথমবাৰৰ বাবে গ্রেট ব্রিটেইন ভ্রমণ কৰা শ্বেহৱাজ শ্বৰীফে ২০২০ চনৰ মার্চৰ পিছত প্রথমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হয় জ্যেষ্ঠ ভাতৃ নৱাজ শ্বৰীফৰ সৈতে৷ কেলেংকাৰিৰ গোচৰত অভিযুক্ত হৈ থকা প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফ বর্তমান লণ্ডনতে আছে৷ ইতিমধ্যে তেওঁক দেশলৈ ওভতাই আনিবলৈ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফে পদক্ষেপ গ্রহণ কৰিছে৷

You might also like