নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিডব্লিউএফ বিশ্ব জুনিয়ৰ বেডমিণ্টন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : অসমৰ ক্রীড়াজগতৰ বাবে আন এক গৌৰৱৰ খবৰ৷ অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ৷ চীনত চলি থকা থমাছ আৰু উবেৰ কাপৰ মাজতে বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ এখন সভা অনুষ্ঠিত হয় আৰু গুৱাহাটীৰ আমিনগাঁওস্থিত নেচনেল চেণ্টাৰ অৱ এক্সেলেঞ্চত ২০২৫ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে ভাৰতে দ্বিতীয়বাৰৰ বাবে এই প্রতিযোগিতাখন আয়োজন কৰাৰ সুবিধা লাভ কৰিছে৷ ইয়াৰ পূর্বে ২০০৮ চনত পুনেত এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল আৰু ছাইনা নেহৱালে বিশ্ব জুনিয়ৰ খিতাপ দখল কৰা প্রথমগৰাকী ভাৰতীয় হোৱাৰ গৌৰৱ লাভ কৰিছিল৷ স্মর্তব্য যে যোৱা বছৰ আগষ্টত ভাৰতীয় বেডমিণ্টন সন্থাৰ লগতে অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰা গুৱাহাটীৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেঞ্চত ১৪খন বেডমিণ্টন ক’ৰ্ট, আন্তঃৰাষ্ট্রীয় মানৰ জিমনেছিয়াম আৰু প্রায় চাৰি হাজাৰ দর্শক বহাৰ সুবিধা থকা বিশ্ব বেডমিণ্টনৰ অন্যতম শ্রেষ্ঠ অত্যাধুনিক ষ্টেডিয়াম৷ ‘ভাৰতে বেডমিণ্টনৰ নতুন প্রতিভা বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ সেয়ে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ পুনৰ ভাৰতক আয়োজনৰ দায়িত্ব দিয়া হৈছে৷ আনহাতে, নতুনকৈ মুকলি কৰা নেচনেল চেণ্টাৰ অৱ এক্সেলেঞ্চ বেডমিণ্টনৰ বাবে এক অত্যাধুনিক সুবিধা থকা এক ক্রীড়াস্থলী৷ আমাৰ পৰৱর্তী প্রজন্মৰ প্রতিভাৰ বাবে এয়া সুবর্ণ সুযোগ, সেয়ে গুৱাহাটী চহৰক আয়োজক হিচাপে নিশ্চিত কৰা হৈছে৷’ বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সভাপতি পল এৰিক হেয়াৰে এইদৰে ব্যক্ত কৰে৷ উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটীত বি ডব্লিউ এফ ছুপাৰ ১০০ প্রতিযোগিতাখনো সফলতাৰে অনুষ্ঠিত হৈছিল, যাৰ বাবে ভাৰতীয় বেডমিণ্টন সন্থাই জুনিয়ৰ আন্তর্জাতিক প্রতিযোগিতাখন পুনৰ অসমত আয়োজন কৰাৰ সিদ্ধান্ত লয়৷ ‘যোৱা বছৰে ছুপাৰ ১০০ প্রতিযোগিতাৰ সময়ত বি ডব্লিউ এফৰ বিষয়াসকলেও নেচনেল চেণ্টাৰ অৱ এক্সেলেঞ্চলৈ গৈ সুবিধা আৰু অন্যান্য ব্যৱস্থাসমূহ পৰীক্ষা কৰি উচ্চ প্রশংসা কৰিছিল, সেয়ে সর্বসন্মতিমর্মে আজি বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ স্থান গুৱাহাটী নিশ্চিত কৰা হয়’৷ চীনৰ সভাত উপস্থিত থকা বিএআইৰ সচিবপ্রধান সঞ্জয় মিশ্রই এইদৰে কয়৷

You might also like