নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা সংসদৰ বর্ষাকালীন অধিৱেশন

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ ক’ভিড কালৰ সংকটৰ মাজতে নজিৰবিহীন প্রতিৰোধী ব্যৱস্থা তথা স্বাস্থ্যসন্মত বিধি গ্রহণ কৰি আজিৰে পৰা ১৮ দিনীয়াকৈ সংসদৰ বর্ষাকালীন অধিৱেশন অনুষ্ঠিত হ’ব৷

লক্ষণীয়ভাৱে মাজত এদিনো বিৰতি নোলোৱাকৈ সংসদৰ দুই সদন দুটা ছিফ্টত বহিব এই অধিৱেশনত৷ ইফালে ক’ভিড–১৯ পৰীক্ষাত নিগেটিভ ওলোৱা সাংসদসকলেহে এই অধিৱেশনত অংশগ্রহণ কৰাৰ সুযোগ লাভ কৰিব৷

ক’ভিড কালৰ সংকট সত্ত্বেও আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ এই বর্ষাকালীন অধিৱেশনত বিভিন্ন গুৰুত্বপূর্ণ বিধেয়ক তথা অধ্যাদেশ চৰকাৰে উত্থাপন কৰিব৷

লক্ষণীয়ভাৱে প্রথমবাৰৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন দুটা ভিন্ন ছিফ্টত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ সাংসদসকলৰ কাৰণে সদনত বহাৰ বাবে বিশেষ ব্যৱস্থাও কৰা হৈছে৷

ৰাজ্যসভাৰ অধিৱেশন পুৱা ৯ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে লোকসভাৰ অধিৱেশন ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত হ’ব৷

দুয়ো সদনৰ অধিৱেশনৰ মাজৰ বিৰতিৰ সময়ত সমগ্র সংসদ ভৱন চৌহদ ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে৷

স্মর্তব্য যে দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে সংসদৰ অধিৱেশনৰ পূর্বে সর্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকে চৰকাৰ৷

ইফালে  প্রথমবাৰৰ বাবে এইবাৰ সংসদৰ অধিৱেশনত নাথাকিব প্রশ্ণোত্তৰ কাল৷ ক’ভিড–১৯ সংক্রমণৰ প্রতিৰোধী ব্যৱস্থাৰে আজিৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ এই অধিৱেশনৰ বাবে মুঠ ৪৭খন বিধেয়ক তথা অধ্যাদেশ অনুমোদনৰ বাবে উত্থাপন কৰিব চৰকাৰে৷ এই বিধেয়কসমূহৰ ভিতৰত কৃষিক্ষেত্রৰে জড়িত তিনিখন গুৰুত্বপূর্ণ বিধেয়কো থাকিব৷

ইফালে পূব লাডাখত চীনৰ সৈতে চলা উত্তেজনাৰ বিষয়টো সন্দর্ভত অধিৱেশনৰ আৰম্ভণিৰ পূর্বেই চৰকাৰে এক বিবৃতি প্রকাশ কৰাৰ সম্ভাৱনা আছে৷

You might also like