নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বৃদ্ধি পাইছে ক’ৰোনা সংক্রমণঃ বাতিল হ’ব পাৰে সংসদৰ শীতকালীন অধিৱেশন!

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: দিল্লীত নতুনকৈ বৃদ্ধি পাইছে ক’ৰোনা সংক্রমণ। যাৰ বাবে সংসদৰ আহিথকা শীতকালীন অধিৱেশন (Parliament Winter Session) বাতিল কৰিব পাৰে কেন্দ্রই।

উল্লেখ্য যে চলিত বৰ্ষৰ দুয়োখন অধিৱেশনতে ব্যাপক প্ৰভাৱ পেলাইছে ক’ৰোনাই। ইপিনে সংসদৰ বর্ষাকালীন অধিৱেশনৰ সময়ত ৪০ জন সাংসদ ক’ৰোনা আক্রান্ত হৈছিল। লগতে মৃত্যু ঘটিছিল ৰাজ্যসভাৰ ৩ গৰাকীকৈ সাংসদৰ।

লগতে পঢ়কঃ বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ ১১টাকৈ ভুৱা সেনা জোৱান

প্রসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, এই বছৰ যদি শীতকালীন অধিৱেশন নহয়, সেয়া হ’ব স্বাধীন ভাৰতৰ ইতিহাসত চতুর্থবাৰ। ইয়াৰ পূৰ্বেও ১৯৭৫, ১৯৭৯ আৰু ১৯৮৪ চনত বিভিন্ন কাৰণত সংসদৰ শীতকালীন অধিৱেশন হোৱা নাছিল।

You might also like