নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাণীয়ে মাতিলে, ৰাজপ্ৰাসাদৰ নৈশভোজত মোদী

বিশেষ বাৰ্তা, ৪ মেঃ ইউৰোপ ভ্ৰমণলৈ যোৱা দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে নিশা ডেনমার্কৰ ৰাণী মাৰ্গাৰেট দ্বিতীয়ই আয়োজন কৰা নৈশভোজত অংশগ্ৰহণ কৰে। কোপেনহেগেনৰ আমালিয়েনবৰ্গ প্ৰাসাদত এই বিশেষ ভোজমেলৰ আয়োজন কৰা হয়। কালি দিনত প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱসায়-বাণিজ্যৰ পৰা আৰম্ভ কৰি পৰিৱেশ ৰক্ষালৈ বিভিন্ন বিষয়ত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তেওঁলোকে ইউক্ৰেইনৰ যুদ্ধ সংক্ৰান্ততো বাৰ্তালাপ কৰে। দুয়োখন দেশৰ মাজত মুঠ ৯ খন চুক্তি আদান-প্ৰদান হৈছে।

You might also like