নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ আজি ৭০সংখ্যক জন্মদিন

৭০ কেজি ওজনৰ লাড়ুৰে মন্দিৰত অর্চনা

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ   দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আজি ৭০সংখ্যক জন্মদিন৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত প্রধানমন্ত্রী মোদীৰ জন্মদিন অনুষ্টুপীয়াকৈ পালনৰ সিদ্ধান্ত গ্রহণ কৰিলেও বিজেপি কর্মীৰ মাজত উৎসাহ ম্লান হোৱা নাই৷ তামিলনাডুৰ বিজেপি কর্মীয়ে কয়ম্বাটোৰৰ শিৱন কামাৎসি আম্মান মন্দিৰৰ ভগৱান শিৱৰ চৰণত প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে ৭০ কেজিৰ লাড়ু আগবঢ়াইছে৷ বিজেপি কর্মীসকলে মন্দিৰৰ বাহিৰত শোভাযাত্রা উলিয়াই লাড়ু বিতৰণ কৰিছে৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে বিজেপিয়ে বিগত কেইবাবছৰ ধৰি সেৱা সপ্তাহ পালন কৰি আহিছে৷ সেইমর্মে যোৱা ১৪ ছেপ্টেম্বৰৰ পৰা সেৱা সপ্তাহ পালন কৰি আছে বিজেপি কর্মীসকলে৷ দেশজুৰি বিজেপি কর্মীসকলে সপ্তাহ ধৰি বিভিন্ন কার্যসূচী গ্রহণ কৰিব৷ উত্তৰ প্রদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ চাপৰালি গাঁৱত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে জি নাড্ডাই এই সেৱা সপ্তাহৰ কার্যসূচী মুকলি কৰিছে৷ অহা ২০ ছেপ্টেৰলৈকে এই সেৱা সপ্তাহৰ কার্যসূচী চলিব৷ প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে বিজেপি কর্মীসকলে পালন কৰা সেৱা সপ্তাহত বিভিন্ন জনকল্যাণমূলক কার্যসূচী গ্রহণ কৰি আহিছে৷ ক’ভিড–১৯ সংকটৰ প্রতি লক্ষ্য ৰাখি এই কার্যসূচীত বিজেপি কর্মীসকলে মহামাৰী ভাইৰাছটোক লৈ সজাগ আৰু সচেতনতাৰ অভিযান চলাইছে৷

You might also like