নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰজেডিক ক্ষুৰধাৰ সমালোচনাৰে বিহাৰত যোগীৰ প্রচাৰ

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হিন্দী বলয়ৰ ৰাজ্যখনত বিভিন্ন দলে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ কালি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে বিহাৰত তিনিখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰি বিৰোধী পক্ষক ক্ষুৰধাৰ সমালোচনা কৰে৷ ৰাজ্যখনৰ জনসাধাৰণক উন্নয়নৰ পক্ষত থকা দলক ভোটদান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী নীতিশ কুমাৰক পুনৰ ক্ষমতাত বহাৰ সুযোগ দিব লাগে বুলিও উল্লেখ কৰিছে৷

আদিত্যনাথে ৰোহটাছ, আৰৱাল আৰু কাইমুৰত তিনিখনকৈ প্রচাৰ সভাত অংশগ্রহণ কৰে৷ বিজেপি নেতাগৰাকীয়ে আৰ জে ডিক কঠোৰ সমালোচনা কৰি কয় যে দলটোৱে জনসাধাৰণৰ কল্যাণৰ বিষয়টোক অৱহেলা কৰি কেবল দুর্নীতিক অগ্রাধিকাৰ দিছিল৷ আৰ জে ডিৰ ক্ষমতাৰ ক্ষুধাৰ প্রসংগ টানি আদিত্যনাথে কয় যে দলটোৱে আনকি পশু খাদ্যৰ ধন হজম কৰিবলৈও কুণ্ঠাবোধ নকৰিলে৷

You might also like