নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেলিফর্নিয়াত মহাত্মাৰ প্রতিমূর্তি ধ্বংসৰ বিৰুদ্ধে প্রতিবাদ

নিয়মীয়া বাৰ্তা, ৩ ফেব্রুৱাৰীঃ আমেৰিকাৰ কেলিফর্নিয়াৰ ডেভিছত মহাত্মা গান্ধীৰ প্রতিমূর্তি ধ্বংস কৰা ঘটনাক লৈ ভাৰতীয় মূলৰ আমেৰিকান লোকসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷

দেওবাৰৰ এই ঘটনাৰ পিছতে মহাত্মাৰ প্রতিমূর্তি পুনৰ স্থাপনৰ দাবীও জনাইছে ভাৰতীয় মূলৰ লোকসকলে৷ প্রতিবাদী লোকসকল একাংশ আমেৰিকান লোকৰ ক্ষোভৰ সন্মুখীনো হ’বলগীয়া হয়৷

এই লোকসকলে গান্ধীক গণহত্যা, বর্ণ বিদ্বেষ আৰু শালীনতা হানিৰ লগত জড়িত থকা বুলি অভিযোগ কৰে৷ ইয়াৰ পিছতে ভাৰতীয় আমেৰিকান কংগ্রেছ প্রতিনিধি ৰো খান্নাই মহাত্মাৰ দৰে বিশ্বনেতা এগৰাকীৰ প্রতিমূর্তি ধ্বংসৰ ঘটনাক গৰিহণা দিয়াৰ উপৰি যিসকলে এই কার্য কৰিছে তেওঁলোকক আলোচনাৰ মাজলৈ আহিবলৈ অনুৰোধ জনাইছে৷

স্মর্তব্য যে অচিনাক্ত দুষ্কৃতিকাৰীয়ে ডেভিছ চহৰত থকা মহাত্মাৰ প্রতিমূর্তিটো ধ্বংস কৰাৰ উপৰি বিভিন্ন আপত্তিজনক মন্তব্যও আগবঢ়াইছিল৷ এই ঘটনাই এতিয়া মার্কিন কংগ্রেছ আৰু ছিনেটতো জোকাৰণি তুলিছে৷

You might also like