নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাদ্দাফিৰ দৰেই অন্ত পৰিব পুটিনৰঃ ঘনিষ্ঠসকলেই হত্যা কৰিব ৰুছ ৰাষ্ট্ৰপতিকঃ নিৰাপত্তা বাহিনীয়ে আনুগত্য হেৰুৱাইছে

বিশেষ বাৰ্তা, ১৭ জুনঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত আছে ভয়ংকৰ যুদ্ধ। আপোচ কৰিবলৈ কোনেও সাজু নহয়। যুদ্ধৰ মাজতে আটাইতকৈ বেছি চৰ্চিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰহস্যৰে ভৰি আছে পুটিনৰ জীৱন। পুটিনৰ জীৱন, স্বাস্থ্য আৰু কৌশলৰ বিষয়ে মাত্ৰ দুই এজনেহে জানে। এই সকলোবোৰৰ মাজতে ৰাছিয়াৰ প্ৰাক্তন সামৰিক বিষয়া এগৰাকীয়ে এটা ডাঙৰ দাবী উত্থাপন কৰিছে। ‘দ্য মিৰ’ৰ’ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ প্ৰাক্তন সামৰিক বিষয়া ইগ’ৰ গিৰকিনে কয় যে- অসুস্থ পুটিন অত্যধিক নৰম হৈ পৰিছে, যিটো যুদ্ধত জয়ী হোৱাৰ বাবে ভাল কথা নহয়। ইউক্ৰেইনত যদি পুটিন পৰাস্ত হয় তেন্তে তেওঁৰ অন্ত হ’ব লিবিয়াৰ একনায়কত্ববাদী শাসক মোৱাম্মাৰ গাদ্দাফিৰ দৰে। উল্লেখনীয় যে লিবিয়াৰ একনায়কত্ববাদী শাসক মোৱাম্মাৰ গাদ্দাফিক বন্দী কৰি বিদ্ৰোহীয়ে গুলীয়াই হত্যা কৰিছিল। ৰাছিয়াৰ প্ৰাক্তন সামৰিক আৰু চোৰাংচোৱা বিষয়াগৰাকীয়ে আৰু কয় যে তেওঁৰ চৌপাশৰ লোকসকলে ভ্লাদিমিৰ পুটিনক দুৰ্বল নেতা বুলি গণ্য কৰে। চোৰাং চিকাৰীয়ে ঘেৰি ধৰিছে পুটিনক। অতি সোনকালেই তেওঁলোকে পুটিনক আক্ৰমণ কৰিব। ইগ’ৰ গিৰকিন ৰাছিয়াৰ সেনাবাহিনীৰ সেনাধ্যক্ষ হৈ আহিছে। তেওঁ ক্ৰিমিয়া দখল কৰাত সহায় কৰিছিল পুটিনক। তেওঁ কয় যে পুটিনে দল সলনি কৰা উচিত, কাৰণ চোৰ আৰু কুটিলতাৰ বাহিৰে তেওঁ সকলো কামতে ব্যৰ্থ হৈছে। সামৰিক অভিযানৰ ব্যৰ্থতাৰ বাবে সামৰিক আৰু নিৰাপত্তা বাহিনীয়ে পুটিনৰ প্ৰতি আনুগত্য হেৰুৱাই পেলাইছিল। এটা ভিডিঅ’ত গিৰকিনে কয় যে চোৰাংচোৱা ব্যৱস্থা সম্পূৰ্ণৰূপে বিফল হৈছে। ৰাজনৈতিক লগতে সামৰিক দিশতো এনেকুৱা হৈছে। ইয়াত তেওঁ সকীয়াই দিয়ে যে গাদ্দাফিৰ দৰেই পুটিনৰ অন্ত পৰিব। এদিন ঘনিষ্ঠসকলেই পুটিনক হত্যা কৰিব।

You might also like