নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত প্ৰতিবাদী কংগ্ৰেছীক আবদ্ধ কৰিলে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা, ১৭জুনঃ শুকুৰবাৰে নগাঁৱত নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়িত হ’ল এক প্ৰতিবাদী কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰে ৰাহুল গান্ধীক হাৰাশাস্তি কৰা তথা দিল্লীৰ ৰাজীৱ ভৱনত আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ তুলি কংগ্ৰেছ কৰ্মী সকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ শুকুৰবাৰৰ এই প্ৰতিবাদ কালত আৰক্ষীয়ে তীব্ৰ বাধা প্ৰদান কৰিলে প্ৰতিবাদকাৰী সকলক ৷ নগাঁৱৰ ৰাজীৱ ভৱনৰ ভিতৰতে আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিলে প্ৰতিবাদকাৰী সকলক ৷ এই সময়তে আৰক্ষীৰে ঠেলাহেঁচাও হয় প্ৰতিবাদ কাৰীৰ ৷ প্ৰতিবাদৰ মাজতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল দুই কংগ্ৰেছ নেতা ক্ৰমে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু নগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সুৰেশ বৰা ৷

প্ৰেৰকঃ কনক হাজৰিকা নগাঁও

You might also like