নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই ভাৰতৰ হৈ যুঁজি যাম, তাৰ বাবে সকলো মূল্য ভৰবিলৈ সাজুঃ ৰাহুল গান্ধী

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: শুকুৰবাৰে লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সদস্যপদ খাৰিজ কৰে। এই সিদ্ধান্তৰ পিছত ৰাহুল গান্ধীয়ে টুইট কৰি কয়- “মই ভাৰতৰ হৈ যুঁজি যাম, তাৰ বাবে সকলো মূল্য ভৰবিলৈ সাজু।”

উল্লেখ্য যে ‘মোদী উপাধি’ সন্দৰ্ভত দিয়া বক্তব্যৰ ওপৰত ২০১৯ চনত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত ছুৰাট আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

কিন্তু দুবছৰৰ কাৰাদণ্ড বিহা আদালতে ৰাহুল গান্ধীক ৩০ দিনৰ জামিন দিয়ে আৰু এই ৩০ দিনৰ ভিতৰত চুৰাট আদালতৰ ৰায়ৰ প্রত্যাহ্বান জনাই উচ্চ আদালতত ৰাহুল গান্ধীয়ে আবেদনৰ সুযোগ পাব৷ ইফালে, লোকসভা সচিবালয়ে এক অধিসূচনা জাৰি কৰি ৰাহুল গান্ধীৰ সদস্যপদ খাৰিজ কৰিছে।

বৃহস্পতিবাৰে চুৰাট আদালতৰ সিদ্ধান্ত সন্দৰ্ভত ৰাহুল গান্ধীয়েও টুইট কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ বক্তব্যৰ উদ্ধৃতি দি তেওঁ টুইট কৰি কয় যে মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সত্য মোৰ ভগৱান, তাক লাভ কৰাৰ মাধ্যম অহিংসা।

You might also like