নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজব্ৰতী চিকিৎসক ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: মৰিয়নি নাগাজাংকা নগাঁ‌ৱৰ নিবাসী, মৰিয়নি অঞ্চলৰ প্ৰথমজন এম বি বি এছ, ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ আদ্যশ্রাদ্ধৰ দিনা এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় । শিক্ষক অফুৰন্ত চুতীয়াই আঁ‌ত ধৰা স্মৃতিচাৰণ অনুষ্ঠানত তিতাবৰ মিহিৰাম শইকীয়া মহাবিদ্যালয় ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, শিক্ষাবিদ বিমান বৰবৰাই বাল্যকালৰ বন্ধু, সহপাঠী প্রয়াত লক্ষীকান্ত চুতীয়াৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য ৰাখে । জ্ঞানোদয় পুথিভঁৰালৰ সভাপতি বিদ্যুৎ চুতীয়াই বক্তব্য ৰাখি জ্ঞানোদয় পুথিভঁৰালৰ নৱনির্মিত প্ৰেক্ষাগৃহটি ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ স্মৃতিত নামাকৰণ কৰা কথা ঘোষণা কৰে । অনুষ্ঠানটোত লক্ষীকান্ত চুতীয়াৰ পুত্র বিশ্বজিৎ চুতীয়াই পৰিয়াল বর্গৰ হৈ প্রয়াত পিতৃৰ পঞ্জাব নেচনেল বেংকত থকা সাঁচতীয়া টকা জ্ঞানোদয় পুথিভঁৰালৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানলৈ দান দিয়া কথা উল্লেখ ঘোষণা কৰে ।পৰিয়ালটোৰ এনে বদান্যতাৰ শলাগ লৈছে স্থানীয় সচেতন ৰাইজে l আনহাতে, অনুষ্ঠানটোত অফুৰন্ত চুতীয়াৰ সম্পাদনাত প্রকাশিত স্মৃতিগ্ৰন্থ ‘স্মৃতিমালা’ উন্মোচন কৰা হয় । স্মৃতিগ্ৰন্থখন সমূহীয়া ভাৱে উন্মোচন কৰে শিক্ষাবিদ বিমান বৰবৰা, ফনী গগৈ, ভদ্র বৰা, দীন হাজৰিকা, উমা চুতীয়া, যোগেশ্বৰ চুতীয়াই আদিয়ে । অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী নৱলক্ষ্মী ৰাজকোঁৱৰে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত প্রভাত গগৈ, ভবেন হাজৰিকা, গিৰীশ ফুকন, প্রদীপ কুর্মী, যাদৱ হাজৰিকা, কমল ফুকন, অৰুণ দত্ত, প্রকাশ গগৈ, উৎপল ভৰালী আদি ব্যক্তি সকল উপস্থিত থাকে । উল্লেখযোগ্য যে, বিশিষ্ট চিকিৎসক, লেখক – সাহিত্যিক ডাঃ লক্ষ্মীকান্ত চুতীয়াৰ যোৱা ৫ মাৰ্চত নিজ বাসভৱনত বাৰ্দ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি হৈছিল ।

দিব্যজ্যোতি শইকীয়া

You might also like