নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি কাৰণত মদ-মাংস ত্যাগ কৰিলে ৰণবীৰ কাপুৰে !

🔹 লণ্ডন-মুম্বাইত ১২০ দিনৰ শ্বুটিং ‘ৰামায়ণ’ৰ

বিশেষ বাৰ্তা, ৪ ফেব্রুৱাৰী : শেহতীয়াকৈ ফিল্মফেয়াৰত ‘এনিমেল’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা ৰণবীৰ কাপুৰ এইবাৰ সাজু হৈছে আন এখন হিট ছবিৰে দৰ্শকক মনোৰঞ্জন দিয়াৰ বাবে । জানিব পৰা মতে, ‘ৰামায়ণ’ ছবিখনৰ বাবে কঠোৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰণবীৰে। ‘ৰামায়ণ’ ছবিখনৰ বাবে অভিনেতাগৰাকীয়ে কিছু নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে চলা আৰম্ভ কৰিছে। ৰামৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া ৰণবীৰে তেওঁৰ প্ৰিয় মাংসৰ উপৰি সুৰাও বাদ দিয়া বুলি জানিব পৰা গৈছে। ‘ৰামায়ণ’ ছবিখনৰ বাবে লণ্ডন, মুম্বাই মিলি ১২০ দিনৰ দীঘলীয়া সূচী প্ৰস্তুত কৰা হৈছে। চলিত বৰ্ষৰ মাৰ্চৰ পৰা ‘ৰামায়ণ’ৰ শ্বুটিং আৰম্ভ হ’ব। পৰিচালক নীতিশ তিৱাৰীয়ে চিনেমাখনৰে জড়িত সকলো বিষয় পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি কাৰ্যকৰী কৰাৰ বাবে চেষ্টা চলাইছে, যাতে কোনো ত্ৰুটি ৰৈ নাযায়। বিশেষকৈ যোৱা বছৰৰ আদিপুৰুষ বিতৰ্কৰ পিছৰে পৰা তেওঁ অধিক সাৱধানে আগবঢ়াৰ চেষ্টা চলাইছে। ‘ৰামায়ণ’ৰ গৰিষ্ঠসংখ্যক শ্বুটিং হ’ব মুম্বাইত। মুম্বাইৰ ২ মাহৰ সূচী সামৰাৰ পিছত ‘ৰামায়ণ’ ছবিৰ সমগ্ৰ দলটো লণ্ডনলৈ উৰা মাৰিব। লণ্ডনতো ৬০ দিনৰ সূচী। সূত্ৰ অনুসৰি, শ্ৰীলংকাৰ অংশৰ শ্বুটিং লণ্ডনত কৰা হ’ব। দক্ষিণৰ তাৰকা যশো ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব, যিয়ে ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিব। অভিনেতা দুগৰাকীৰ কেইবাটাও গুৰুত্বপূৰ্ণ দৃশ্যৰ লণ্ডনত শ্বুটিং হ’ব। জনা মতে, ‘ৰামায়ণ’ত বিভীষণৰ চৰিত্ৰত বিজয় সেঠুপাঠী, হনুমানৰ চৰিত্ৰত ছানী দেউল, কুম্ভকৰ্ণৰ চৰিত্ৰত ববী দেউল, সীতাৰ চৰিত্ৰত সাই পল্লৱীক দেখা যাব। ‘ৰামায়ণ’ চিনেমাখনক লৈ এতিয়াৰে পৰা চলচ্চিত্ৰপ্ৰেমীৰ মাজত চৰ্চা আৰম্ভ হৈছে।

You might also like