নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত পৰীক্ষাৰ্থীক মৌখিক ভাৱে সহায় কৰিবলৈ গৈ বহিষ্কৃত শিক্ষয়িত্ৰী

  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত ধুবুৰীৰ এটি পৰীক্ষা কেন্দ্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাগুৰু নিয়োজিত হোৱাৰ ঘটনা উন্মোচিত
  • পৰীক্ষাৰ্থীক মৌখিক ভাৱে সহায় কৰিবলৈ গৈ পৰীক্ষা থলীৰ পৰা বহিস্কৃত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত সেই শিক্ষয়িত্ৰীগৰাকী

নিয়মীয়া বাৰ্তা, ১৪ মার্চ: মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য মাৰ নেযাওঁতেই এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত পৰীক্ষাৰ্থীক মৌখিক ভাৱে সহায় কৰাৰ অভিযোগত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী এগৰাকীক ধুবুৰীৰ এটি পৰীক্ষা থলীৰ পৰা বাহিৰ কৰি দিবলগীয়া হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। সম্প্ৰতি অনুষ্ঠিত হৈ যোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ “যুক্তি আৰু দৰ্শন” (Logic and Philosophy) পৰীক্ষাৰ দিনা ধুবুৰীৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰীক্ষা থলীত “ফিডাৰ” শিক্ষকৰূপে নিয়োজিত জনৈকা খাতুন উপাধিৰ ব্যক্তিগত খণ্ডৰ শিক্ষয়িত্ৰীগৰাকীক পৰীক্ষা থলীৰ পৰা বাহিৰ কৰি দিয়া হৈছিল।

স্বয়ং ধুবুৰীৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে আজি এই কথা সদৰি কৰিছে। নিজৰ বিদ্যালয়খনৰ থকা সুনামৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাকী তিনিটা বিষয়ৰ পৰীক্ষা পাতিবলৈ অনুমতি নিদিয়ে বুলি ধুবুৰী চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰক ইতিমধ্যে অৱগত কৰা বুলিও জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। ভৱিষ্যতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ফিডাৰ শিক্ষক অথবা শিক্ষয়িত্ৰী নিয়োজিত কৰিলে পৰীক্ষা পাতিবলৈ অনুমতি নিদিব বুলিও দাৱী ধুবুৰীৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ। তেখেতে সদৰি কৰানুসৰি, নিজকে নৱম আৰু দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী বুলি পৰিচয় দিয়াৰ পিছত আশ্বস্ত হৈ ব্যক্তিগত খণ্ডৰ সেই শিক্ষয়িত্ৰীগৰাকীক পৰীক্ষাৰ্থীৰ উপস্থিতিৰ পঞ্জীয়ন নিবলৈ পঠিওৱা হৈছিল আৰু সেই সময়তেই শিক্ষয়িত্ৰীগৰাকীয়ে পৰীক্ষাৰ্থীৰ সৈতে প্ৰশ্নকাকতত অহা প্ৰশ্ন সন্দৰ্ভে কথা পতাৰ অভিযোগ উঠে।

ইপিনে এই ঘটনাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ধুবুৰীৰ পৰীক্ষা থলীত ব্যক্তিগত খণ্ডৰ শিক্ষাগুৰু একাংশক ফিডাৰ শিক্ষক ৰূপে নিয়োজিত কৰাৰ ঘটনা স্পষ্ট ভাৱে উন্মোচিত কৰিলে বুলি আঙুলিয়াই দিছে বহুতেই। উল্লেখ্য যে, ছেবাৰ মেট্ৰিক পৰীক্ষাতো ধুবুৰীৰ কেতবোৰ পৰীক্ষা থলীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰী নিয়োজিত কৰা হোৱা বুলি পৰীক্ষা আৰম্ভ হোৱা দিনৰ সন্দেহ প্ৰকাশ কৰি অহা পোৱা গৈছে একাংশ অভিভাৱকে।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like