নিউজ ডেস্ক, ৫ ডিচেম্বৰ : চোৰে নেৰে চুৰ বৃত্তি, কুকুৰে নেৰে ছাই বুলি অসমীয়াত এষাৰ কথা আছে৷ চোৰে সহজতে নিজৰ বৃত্তি এৰিব নোৱাৰে৷ কিন্তু তাৰ মাজতো দেখা গ’ল ধার্মিক চোৰো দুই–এজন আছে৷
এজন চোৰে চাৰিখন দোকানৰ পৰা সকলো সামগ্রী লুটি লৈ গৈ এখন গীতাৰ মাজত ৫০টকীয়া নোট এখন এৰি থৈ পলায়ন কৰে৷ নিজৰ সম্পত্তি হৰণ হ’লেও দোকানকেইখনৰ মালিকসকলে কয় যে চোৰজন হয়তো ধার্মিক আছিল৷ সেইবাবে চুৰি কৰাৰ পিছত নিজৰ পাপ অলপ হ’লেও কমাবৰ বাবে চোৰজনে এই পদ্ধতি গ্রহণ কৰে৷ বুধবাৰে নিশা কলনা পুৰণি বাছ ষ্টেণ্ড এলেকাৰ চাৰিখন দোকানত লুট কৰাৰ পিছত চোৰজনে এখন গীতাৰ মাজত এৰি থৈ যায় এখন লেতেৰা ৫০টকীয়া নোট৷ কেৱল চাৰিখনেই নহয়, অঞ্চলটোৰ কেইবাখনো দোকানত সেই নিশা চুৰি কার্য সংঘটিত হৈছিল৷
দোকানীসকলে অভিযোগ কৰা মতে, চোৰে নিশা তলা ভাঙি দোকানত প্রৱেশ কৰে আৰু দোকানত থকা ধনৰ বাকচৰ পৰা সকলো ধন আৰু আনকি খাদ্যও লুটপাত কৰি লৈ যায়৷ কিন্তু আচৰিত ঘটনাটো হ’ল যে এলেকাটোৰ ফল-মূলৰ ব্যৱসায়ী যাদৱ সাহাই বৃহস্পতিবাৰে বিয়লি কয় যে তেওঁৰ দোকানখনৰ সকলো নগদ ধন চোৰজনে লৈ উধাও হয়৷ কিন্তু তেওঁৰ দোকানত ৰখা গীতাখনৰ এটা পৃষ্ঠা খুলি দেখে যে তাৰ ওপৰত দোকানখনৰ ধনৰ বাকচত থকা এখন লেতেৰা ৫০টকীয়া নোট চোৰজনে এৰি থৈ যায়৷
তেওঁ কয়– ‘মই ভাবো যে চোৰে পাপ খণ্ডনৰ বাবে এনে কৰিছিল৷ একে সময়তে সেইদিনা নিশা অঞ্চলটোৰ আন এখন পাণদোকান আৰু ফলমূলৰ দোকানতো চুৰি হয়৷ এই ঘটনাই অঞ্চলটোত আতংক বিয়পাইছে৷ তাৰ মাজতো ধর্মপৰায়ণ চোৰৰ এনে ধর্ম কার্যই অঞ্চলটোৰ লোকসকলৰ মাজত আমোদৰো সৃষ্টি কৰিছে৷ হওক তেও, পাপ খন্দোৱাৰ কথাটো যে চোৰজনে পাহৰা নাই!