নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০ দিনীয়া নিশাৰ অৱসানঃ ২০২০ৰ সূর্যক বিদায় জনালে উৎকিয়াগভিকৰ বাসিন্দাই

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আলাস্কাৰ এখন সৰু চহৰ হৈছে উৎকিয়াগভিক৷ পূর্বে এই চহৰখনৰ নাম আছিল ‘বাৰো’৷ চহৰখনত আটাইতকৈ কমদিন সূর্যৰ পোহৰ দেখিবলৈ পোৱা যায়৷ চলিত বর্ষৰ ১৯ নৱেম্বৰত আলাস্কাবাসীয়ে সূর্যৰ ৰশ্মিক বর্ষটোৰ বাবে বিদায় জনাইছে৷ ২০২১তহে পুনৰ সূর্যোদয় হ’ব উৎকিয়াগভিকত৷ আগন্তুক ৬০ দিনতকৈ অধিককাল ধৰি অন্ধকাৰত ডুব গৈ থাকিব এই চহৰখন৷

এণ্টার্কটিকা অঞ্চলৰ একেবাৰে উত্তৰ মেৰুত অৱস্থিত এই চহৰখন৷ প্রতিবছৰে দুমাহতকৈ অধিক কাল ধৰি অন্ধকাৰত ডুব গৈ থাকে চহৰখন৷ এই পৰিঘটনাক ‘মেৰুনিশা’ হিচাপে জনা যায়৷ শীতকালত এই পৰিঘটনাৰ সৃষ্টি হয়৷ চি এন এনৰ প্রতিবেদন অনুসৰি পৃথিৱীৰ চক্রাকাৰ গতিয়ে সূর্যৰ পৰা অন্ধকাৰ মেৰুলৈ ঠেলি দিয়ে এই অঞ্চলটোক৷ অৱশ্যে এই মেৰুনিশাক এক স্বাভাৱিক পৰিঘটনা বুলি বিজ্ঞানীসকলে অভিহিত কৰি আহিছে৷

প্রতিবছৰ শীতকালত উৎকিয়াগভিকবাসী এই দীঘলীয়া নিশাৰ সন্মুখীন হয়৷ চি এন এনৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি সূর্যৰ ৰশ্মিয়ে এই অঞ্চলটোক শীতকালত কোনো দিশৰ পৰাই স্পর্শ কৰিব নোৱাৰে৷

You might also like