নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–ভূটানৰ প্রধানমন্ত্রীৰ ৰূপে কার্ডৰ আনুষ্ঠানিক মুকলি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ভাৰত আৰু ভূটানৰ প্রধানমন্ত্রীয়ে কালি ৰূপে কার্ড ফেজ–২ৰ আনুষ্ঠানিক মুকলি কৰে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ভূটানৰ নেতা লোটে ছেৰিঙে  এই কার্ড আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগে লগে ভূটানৰ কার্ড থকা নাগৰিকসকলে ভাৰতত ৰূপে নেটৱর্কৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব৷

যোৱা বছৰ আগষ্ট মাহত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভূটান ভ্রমণ কৰাৰ সময়ত এই প্রকল্পৰ ফেজ–১ৰ যৌথভাৱে মুকলি কৰিছিল৷ ৰূপে কার্ড প্রকল্পৰ জৰিয়তে দেশ দুখনৰ নাগৰিকসকলৰ মাজত সহযোগিতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ এই কার্ড মুকলি কৰাৰ সময়ত ভিডিঅ’ কনফাৰেন্সিংযোগে ভাষণত প্রধানমন্ত্রী মোদীয়ে কয় যে মহাকাশত কৃত্রিম উপগ্রহৰ বিভিন্ন সুযোগ–সুবিধা ভূটানে লাভ কৰাটো সম্ভৱ হ’ব৷

লক্ষণীয়ভাৱে প্রতিৱেশী দেশখনে ভাৰতৰ সৈতে বিভিন্ন ক্ষেত্রত মৈত্রীৰ সম্পর্ক সুদৃঢ় কৰি আহিছে৷ তাৰেই এক নজিৰ হিচাপে চিহ্ণিত হৈছে ৰূপে কার্ড প্রকল্প৷

You might also like