নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্ৰান্ত হৈ জেষ্ঠ সাংবাদিক ৰোহিত সৰদানাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিল: ক’ভিডে দেশত সংহাৰী ৰূপ লোৱাৰ সময়তে এক দু:খবৰ । ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান “আজ টক”ৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত সৰদানাৰ শুকুৰবাৰে মৃত্যু হয় ।

জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ।

ইপিনে বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজনীতিবিদকে ধৰি অন্যান্য প্ৰখ্যাত সাংবাদিকসকলে টুইটাৰযোগে সৰদানাৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰিছে ।

ইফালে সাংবাদিকগৰাকীৰ মৃত্যুত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমবেদনা জ্ঞাপন কৰি তেওঁৰ মৃত্যু সংবাদজগতৰ বাবে বৃহৎ ক্ষতি বুলি প্ৰকাশ কৰে।

You might also like