নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক চন্দ্র অভিযানৰ নভোচৰ ক’লিন্সৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ এপল’ একাদশ অভিযানৰ মহাকাশচাৰী মাইকেল ক’লিন্সৰ দেহাৱসান ঘটিছে৷ ১৯৬৯ চনত নাছাৰ কলম্বিয়া মহাকাশযান চন্দ্র অভিমুখে উৰুৱাইছিল মাইকেল ক’লিন্সে৷ দীর্ঘদিন ধৰি কর্কট ৰোগত আক্রান্ত হৈ আছিল ৯০ বছৰীয়া মহাকাশচাৰী ক’লিন্স৷

উল্লেখনীয় যে ১৯৬৯ চনত নীল আমষ্ট্রং আৰু বাজ এলড্রিনে চন্দ্রপৃষ্ঠত ভৰি থোৱাৰ সময়ত জোনবাইৰ কক্ষপথত কলম্বিয়াত আছিল মাইকেল ক’লিন্স৷ ১৯৬৯ চনৰ ২০ জুলাইত এপল’ৰ একাদশ অভিযানতেই আমষ্ট্রং আৰু এলড্রিনে জোনবাইৰ বুকুত ভৰি থৈ মানৱ জাতিৰ ইতিহাসত নতুন অভিলেখ সৃষ্টি কৰিছিল৷ সেই সময়ত ক’লিন্সে চন্দ্রপৃষ্ঠৰ পৰা ৬৫ মাইল ওপৰত কক্ষপথত অৱস্থান কৰি আছিল৷ লক্ষণীয়ভাৱে মাইকেল ক’লিন্সে এই অভিযানত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল যদিও সতীর্থ দুই মহাকাশচাৰীকহে চন্দ্রপৃষ্ঠত ভৰি থোৱাৰ বাবে বিশ্ববাসীয়ে আজিও স্মৰণ কৰি আছে৷

You might also like