নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই অভিনেতা ছলমানক

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ১৯৮৮ চনৰ ‘কৃষ্ণষাঁড় মৃগ’ চিকাৰৰ গোচৰত অভিযুক্ত হোৱা অভিনেতা ছলমান খানক সোঁশৰীৰে হাজিৰ হোৱাৰ পৰা ৰেহাই দিছে জয়পুৰৰ এখন আদালতে৷ ক’ভিড–১৯ মহামাৰীৰ প্রসংগ টানি খানৰ অধিবক্তাই আদালতখনত এক আবেদন জনাইছিল৷ এই আবেদনত অভিনেতাগৰাকীক সোঁশৰীৰে হাজিৰ হোৱাৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনোৱা হৈছিল৷ লক্ষণীয়ভাৱে শেহতীয়াকৈ মুম্বাই আৰু যোধপুৰত অভাৱনীয়ভাৱে ক’ভিড সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ অভিনেতাগৰাকীয়ে শুনানিৰ বাবে আদালতত হাজিৰ হোৱাটো বিপজ্জনক হ’ব পাৰে বুলি অধিবক্তাই যুক্তি দর্শোৱাৰ পিছত আদালতখনে এই বিষয়টোক গুৰুত্বসহকাৰে লৈছিল৷ উল্লেখনীয় যে অতিৰিক্ত জিলা আৰু সত্র ন্যায়ালয়ৰ বিচাৰপতি ব্রজেশ পানৱাৰে আগন্তুক ১৬ জানুৱাৰীত গোচৰটোৰ শুনানি গ্রহণৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে ছলমান খানলৈ ৫ বছৰ কাৰাদণ্ডৰ ৰায়ৰ বিৰুদ্ধে অভিনেতাগৰাকীয়ে তৰা গোচৰৰ শুনানি গ্রহণ কৰা হ’ব যোধপুৰৰ আদালতত৷

You might also like