নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিৰ পৰা ৪ বছৰীয়া শিশুসহ মহিলা সন্ধানহীন

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ নুনমাটিৰ মেগজিনৰ পৰা এটি চাৰিবছৰীয়া শিশুসহ এগৰাকী মহিলা সন্ধানহীন হৈ থকা ঘটনাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ মেগজিনৰ শিৱনগৰ পথৰ বাসিন্দা লৱকুমাৰ ডুমাই নামৰ লোকজনৰ পত্নী কুমাৰী লামা যোৱা ৩০ নৱেম্বৰৰ পৰা এটি চাৰিবছৰীয়া শিশুসহ সন্ধানহীন হৈ আছে৷ ঘটনা সন্দর্ভত নুনমাটি থানাত স্বামী লৱ কুমাৰ ডুমাই এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা অনুসৰি বিগত কিছুমাহ ধৰি পত্নী কুমাৰীয়ে এজন লোকৰ সৈতে অবৈধ সম্পর্ক ৰক্ষা কৰি আহিছিল৷ উক্ত দিনা স্বামী ঘৰত নথকাৰ সুযোগ লৈ পত্নী কুমাৰী উক্ত লোকজনৰ সৈতে চাৰিবছৰীয়া পুত্র সন্তানক লৈ সন্ধানহীন হয়৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে চাৰিবছৰীয়া শিশু আৰু নিৰুদ্দিষ্ট মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷

You might also like