নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰৱীণ অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ বলীউডৰ প্ৰখ্যাত অভিনেতা আৰু চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমনিয়ামৰ দেওবাৰে নিশা মৃত্যু হয়। ‘১৯৪২: এ লাভ ষ্ট’ৰী’, ‘কামিনে’, ‘২ ষ্টেটছ’ আৰু ‘হিচ্চি’ৰ দৰে বিখ্যাত ছবিত অভিনয় কৰা অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যুত বলীউডত শোকৰ ছাঁ পৰিছে।

নিজৰ একক অভিনয়ৰ জৰিয়তে সকলো দৰ্শকৰে প্ৰিয় অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামে কেইবাখনো ছবিত সুন্দৰ অভিনয় কৰিছে। কেৱল এয়াই নহয়, তেওঁ ১৯৮৯ চনৰ ছবি ‘পৰিন্দা’ আৰু তাৰ পিছত ২০০৫ চনৰ ছবি ‘হাজাৰো খাইশ্বে এইছে’ৰ চিত্ৰনাট্যও লিখিছিল।

উল্লেখ্য যে শিৱ কুমাৰ সুব্ৰমনিয়ামে ২০১৪ চনৰ ছবি ২ ষ্টেটছতো কাম কৰিছিল। এই ছবিখনত, তেওঁ আলিয়া ভট্টৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিল।

You might also like