নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বপিং মলৰ ট্ৰায়েল ৰুমত প্ৰৱেশ কৰাৰ পূৰ্বে ১০ বাৰ ভাবক! এগৰাকী যুৱতীৰ সৈতে ঘটিল এই কাণ্ড…

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ সাৱধান! কাপোৰা কিনিবলৈ গৈ শ্বপিং মলৰ ট্ৰায়েল ৰুমত আপোনাৰ সৈতেও ঘটিব পাৰে এনে ঘটনা! এই ট্ৰায়েল ৰুমেই বিপদত পেলাব পাৰে আপোনাক। শুকুৰবাৰে ওড়িশ্যাৰ কেনঝাৰ চহৰৰ এখন কাপোৰৰ শ্ব’ৰুমৰ ট্ৰায়েল ৰুমত কাপোৰ পিন্ধি থকা এগৰাকী যুৱতীৰ ভিডিঅ’ শ্বুটিং কৰাৰ অভিযোগত এজন যুৱকক আটক কৰা হয়।

খবৰ অনুসৰি, যুৱতীগৰাকীয়ে কেনঝাৰ চহৰৰ পুৰানাবজাৰত অৱস্থিত ভি-মাৰ্ট শ্ব’ৰুমলৈ পোছাক ক্ৰয় কৰিবলৈ গৈছিল। তেওঁ পোছাক এজোৰ বাছনি কৰিলে আৰু তাক লৈ শ্ব’ৰুমৰ ট্ৰায়েল ৰুমলৈ গৈছিল।

ইতিমধ্যে, যুৱতীগৰাকীৰ পিছা কৰি এজন যুৱকে যুৱতীগৰাকীৰ ট্ৰায়েল ৰুমৰ কাষৰ ট্ৰায়েল ৰুমত প্ৰৱেশ কৰে আৰু দুয়োটা ৰুমৰ মাজৰ বেৰত থকা এটা ফুটাৰে যুৱতীগৰাকীক ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়কঃ Bra Fence: আঁৰি থোৱা অন্তৰ্বাসৰ বাবে বিখ্যাত এক আজৱ পৰ্যটনস্থলী

ইপিনে ইয়াৰ মাজতে যুৱতীগৰাকীয়ে যুৱকজনৰ কাৰ্যকলাপ গম পোৱাৰ লগে লগে তেওঁৰ ট্ৰায়েল ৰুমৰ পৰা বাহিৰলৈ আহি সহায়ৰ বাবে চিঞৰিবলৈ ধৰে। লগে লগে শ্ব’ৰুমটোৰ কৰ্মচাৰী আৰু দোকানখনত সেই সময়ত উপস্থিত থকা লোকসকলে যুৱকজনক ধৰি আৰক্ষীক গতাই দিয়ে।

আনহাতে ইয়াৰ পাছতে পুৰানাবজাৰৰ মোহাম্মদ আটিফ নামৰ অভিযুক্ত যুৱকজনক আদালতলৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়কঃ স্মাৰ্ট ষ্টেম চেলৰ আৱিষ্কাৰঃ ক্ষতিগ্ৰস্ত অংগ নিজে ঠিক কৰাৰ লগতে জন্ম দিব পাৰে নতুন অংগ

You might also like