নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীখন ধ্বংস হ’বলৈ বেছি দিন নাই…আমেৰিকাকে ধৰি সকীয়নি পুটিনৰ বিশ্বস্ত মেদভেডেভৰ

বিশেষ বাৰ্তা, ১৪ জুনঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ ১১০ দিন হ’ল৷ ইউক্ৰেইনৰ সকলো চহৰতে আক্ৰমণ অব্যাহত আছে ৰুছ বাহিনীৰ। ইফালে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সোঁহাত স্বৰূপ ডিমিট্ৰী মেদভেডেভে পশ্চিমীয়া দেশসমূহক আকৌ এবাৰ ধ্বংসৰ বাবে সতৰ্ক কৰি দিছে। ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মেদভেডেভে কয়, ‘প্ৰলয়ৰ ঘোঁৰা বাটতে আছে। পৃথিৱীৰ অন্ত পৰিবলৈ বেছি দিন নাই। আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনক অস্ত্ৰ যোগান যাতে নধৰে। মেদভেদেভক পুটিনতকৈ অধিক উদাৰবাদী বুলি গণ্য কৰা হয় যদিও ইউক্ৰেইনৰ ক্ষেত্ৰত তেওঁ অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ডেইলী মেইল’ আৰু ‘মিৰ’ৰ’ৰ প্ৰতিবেদন অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপ-মুখ্য মেদভেডেভে যোৱা সপ্তাহত ইউক্ৰেইন আৰু ইয়াৰ মিত্ৰ দেশসমূহক সকীয়নি দিছিল। তেওঁ কৈছে ‘মোক প্ৰায়ে সোধা হয় যে মোৰ টেলিগ্ৰামৰ পোষ্টবোৰত ইমান হুলস্থুল কিয় হয়। উত্তৰটো হ’ল মই তেওঁলোকক ঘৃণা কৰোঁ। তেওঁলোকে বিচাৰে ৰাছিয়া নিঃশেষ হোৱাটো। যেতিয়ালৈকে মই জীয়াই আছো, সিহঁতক নোহোৱা কৰিবলগীয়া সকলো কৰিম।’ ইফালে ৰাছিয়াৰ প্ৰাক্তন বিৰোধী সংসদ সদস্য ডিমিট্ৰী গুডকোভে দাবী কৰে যে মেদভেডেভে ৰাষ্ট্ৰপতি চকীখনত চকু ৰাখিছে, যাতে পুটিনে পদত্যাগ কৰিবলৈ বাধ্য হয় আৰু তেওঁ চকীখন দখল কৰিব পাৰে।

You might also like