🔹 সকলো বিদ্যালয়লৈ চিবিএছইৰ নির্দেশনা
নিউজ ডেস্ক, ১৭ জুলাই : শিক্ষার্থীৰ মাজত শৈশৱত মেদবহুলতা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ চিবিএছইয়ে পঞ্জীয়নকৃত সকলো বিদ্যালয়লৈ নির্দেশনা জাৰি কৰিছে৷ চিবিএছইৰ নির্দেশনা অনুসৰি প্রতিখন বিদ্যালয়ে শিক্ষার্থীৰ মাজত সুস্থ জীৱনশৈলী সন্দর্ভত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ‘অইল ব’ৰ্ড’ গঠন কৰিব লাগিব৷
চিবিএছইৰ নতুন নির্দেশনা অনুসৰি বিদ্যালয়ে অইল ব’ৰ্ড গঠন কৰি শিক্ষার্থীসকলৰ মাজত খাদ্যত অইল ব্যৱহাৰক লৈ সজাগতা বৃদ্ধি কৰিব লাগিব৷ মেদবহুলতা প্রতিৰোধ কৰিবলৈ সকলো বিদ্যালয়ৰ তথ্যত বার্তা প্রকাশ কৰিব লাগিব৷ জাংকফুডৰ সলনি পুষ্টিকৰ খাদ্যত প্রাধান্য দিয়াৰ লগতে নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰাত উৎসাহ যোগাব লাগিব৷ শিক্ষার্থীসকলক খোজকঢ়াৰ প্রতি উৎসাহ যোগাব লাগিব৷ এলিভেটৰৰ পৰিৱর্তে খটখটি বগোৱাৰ প্রতি আগ্রহী কৰি তুলিব লাগিব৷ বিদ্যালয়সমূহে নিজৰ সুবিধা আৰু সৃষ্টিশীলতাৰ আধাৰত অইল ব’ৰ্ড গঠন কৰিব লাগিব৷ চিবিএছইৰ সঞ্চালকে প্রতিখন বিদ্যালয়লৈ এই নির্দেশনাৱলী পত্রযোগে প্রেৰণ কৰিছে৷
উল্লেখ্য যে দেশত শিশুসকলৰ মাজত মেদবহুলতাৰ হাৰ বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখিয়েই চিবিএছইয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ প্রণিধানযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মেদবহুলতা বিষয়টোৰ প্রসংগ উল্লেখ কৰি খাদ্যত ৰন্ধন তেল ১০ শতাংশ হ্রাস কৰিবলৈ দেশবাসীক আহ্বান জনাইছে৷