নিউজ ডেস্ক, ২৬ আগষ্ট : দেশৰ উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে কেৰালাৰ এজন ব্যক্তিয়ে ২০ সাংসদৰ চহী জালিয়াতিৰে মনোনয়ন পত্র দাখিল কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সাংসদৰ চহী জালিয়াতিৰে মনোনয়ন দাখিলৰ তথ্য পোহৰলৈ অহাৰ পিছত কেৰালাৰ ব্যক্তিজনৰ মনোনয়ন পত্র খাৰিজ কৰাৰ লগতে ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ প্রস্তুতি চলাইছে৷
উল্লেখ্য যে জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপ–ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত অহা ৯ ছেপ্টেম্বৰত উপ–ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনত বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চিপি ৰাধাকৃষ্ণন আৰু বিৰোধী ইণ্ডি জোঁটৰ প্রার্থী সুদর্শন ৰেড্ডী৷
২৯ আগষ্টত মনোনয়ন দাখিলৰ অন্তিম দিনলৈকে ৪৬জন প্রার্থীৰ পৰা ৬৮খন মনোনয়ন পত্র দাখিল কৰা হৈছে৷ ইয়াৰ ভিতৰত ১৯ প্রার্থীৰ ২৮খন মনোনয়ন খাৰিজ কৰাৰ পিছত বাকী প্রার্থীৰ মনোনয়ন পৰীক্ষণ কৰা হয়৷ এই মনোনয়ন পৰীক্ষণতেই কেৰালাৰ জেকব যোচেফ নামৰ ব্যক্তি এজনৰ মনোনয়ন পত্রক লৈ সন্দেহ ওপজে আৰু সূক্ষ্ম নিৰীক্ষণৰ অন্তত প্রার্থীজনে ২২ সাংসদৰ চহী জালিয়াতি কৰা বুলি ধৰা পৰে৷