নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ আক্রমণৰ আশংকাত অভিনন্দনক মুক্তি

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বর্তমানক ২০১৯ চনৰ ফেব্রুৱাৰীত পাকিস্তানে মাত্র ৬০ ঘণ্টাৰ পাছতে মুক্তি দিছিল৷ অভিনন্দনক মুক্তি দিছিল পাকিস্তানে ভাৰতৰ আক্রমণৰ ভয়ত৷ দেশখনৰ বিৰোধী নেতা আয়াজ ছাদিকে ‘দুনীয়া’ নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে৷ পাক বিদেশ মন্ত্রী কুৰেশ্বিয়ে এক গুৰুত্বপূর্ণ বৈঠকত অভিনন্দনক মুক্তি দিবলৈ অনুৰোধ জনাইছিল৷ যদি অভিনন্দনক মুক্তি দিয়া নহয়, তেন্তে নিশা ৯ বজাৰ ভিতৰতে ভাৰতে পাকিস্তানৰ ওপৰত আক্রমণ চলাব বুলিও উল্লেখ কৰিছিল কুৰেশ্বিয়ে৷ শেহতীয়াকৈ এই কথা সদৰী কৰিছে পি এম এল–এনৰ নেতা আয়াজ ছাদিকে৷ নেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি বিদেশ মন্ত্রী কুৰেশ্বিয়ে সেনা জেনেৰেল কামাৰ জাভেদ বাজৱা তথা সংসদীয় নেতাসকলৰ সৈতে হোৱা বৈঠকত এই অনুৰোধ জনাইছিল৷ শেহতীয়াকৈ এই ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে পাকিস্তান৷

You might also like