নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়াত দুর্বৃত্তৰ গুলীত আহত যুৱক

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ  বিহপুৰীয়া নগৰৰ মাজমজিয়াত সোমবাৰে সন্ধিয়া সংঘটিত গুলীচালনাৰ ঘটনা এটাই সমগ্র বিহপুৰীয়াত চাঞ্চল্যৰ সৃষ্টি কৰে৷ সন্ধিয়া প্রায় ৬.১৫ বজাত বিহপুৰীয়া নগৰৰ ৮নং ৱার্ডত বাইকত অহা দুই দুর্বৃত্তৰ গুলীত এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়৷ জানিব পৰা মতে, বিহপুৰীয়া এপেক্স বেংকৰ দৈনিক মিনি ডিপ’জিটৰ গৌৰাংগ দে’ নামৰ ব্যক্তিগৰাকীয়ে আনদিনাৰ দৰে আজিও ব্যৱসায়ী গ্রাহকৰ পৰা ধন সংগ্রহ কৰি নগৰৰ মাজমজিয়াত থকা নিজৰ গৃহলৈ সোমোৱা পথত পূর্বৰে পৰা খাপপিটি থকা দুজন দুর্বৃত্তৰ কবলত পৰে ৷

উপায়হীন গৌৰাংগই সহায় বিচাৰি চিঞৰ –বাখৰ কৰি থকা অৱস্থাতে নিজৰ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰি নিজৰ গৃহলৈ আহি থকা ৰিজু দাস নামৰ এগৰাকী স্থানীয় ব্যৱসায়ীয়ে দুর্বৃত্তকেইজনৰ পৰা গৌৰাংগক বচাবলৈ চেষ্টা চলায় ৷ উক্ত সময়তে দুর্বৃত্তকেইজনে ৰাজুক গুলীয়াই গৌৰাংগৰ টকাৰ বেগটো আঁজুৰি লৈ অসম–ৰুণাচল সীমান্তৱর্তী বান্দৰদেৱা অভিমুখে গুচি যায়৷ সন্ধিয়া আন্ধাৰত ঘটনা সংঘটিত কৰা দুই দুর্বৃত্তক কোনেও চিনিব নোৱাৰিলে৷ ইফালে, ততাতৈয়াকৈ ঘটনাস্থলীত বিহপুৰীয়া আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত ৰিজুক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ আততায়ীক আটক কৰি কঠোৰ শাস্তি প্রদানৰ আহ্বান জনাই নগৰবাসীক নিৰাপত্তা প্রদানৰ বাবে স্থানীয় ৰাইজে দাবী তুলিছে৷

You might also like