নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাজকর্মী–ধর্মীয় নেতা স্বামী অগ্নিৱেশৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ প্রসিদ্ধ সমাজকর্মী তথা ধর্মীয় নেতা স্বামী অগ্নিৱেশৰ কালি জীৱনাৱসান ঘটিছে৷ দিল্লীৰ এখন হাস্পতালত মঙলবাৰে ভর্তি কৰা হৈছিল অগ্নিৱেশক৷ ৮০ বছৰীয়া অগ্নিৱেশৰ কালি হূদৰোগত মৃত্যু হোৱা বুলি দিল্লীৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰি ছায়েঞ্চ হাস্পতালে ঘোষণা কৰিছে৷

ধর্মীয় নেতাগৰাকীৰ মৃত্যুৰ লগে লগে বিভিন্ন ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠনে শোক প্রকাশ কৰিছে৷ কংগ্রেছ নেতা শশী থাৰুৰ, অধিবক্তা প্রশান্ত ভূষণ আৰু ন’বেল শান্তি বঁটা বিজয়ী কৈলাস সত্যার্থীয়ে নেতাগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰি কৈছে যে এয়া দেশৰ বাবে এক বৃহৎ ক্ষতি৷

You might also like