নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ৰাসায়নিক দ্রব্যই প্রদূষিত কৰিছে ব্রহ্মপুত্রৰ জলাধাৰ

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ  ভাৰত–চীনৰ মাজৰ সম্পর্কত তিব্বত এটা প্রধান ইছ্যু হোৱা উচিত৷ কাৰণ তিব্বতক ভালদৰে নাজানিলে চীনক বুজি পোৱাটো কেতিয়াও সম্ভৱ নহয়৷ –আজি গুৱাহাটীত এই মন্তব্য কৰে তিব্বতৰ নির্বাসিত প্রধানমন্ত্রী ছিকয়ং ড০ লবচাং চাংগে৷ মহানগৰীৰ অসম সাহিত্য সভা ভৱনত আজি এখন সংবাদ মেল সম্বোধন কৰি তিব্বতৰ নির্বাসিত প্রধানমন্ত্রীগৰাকীয়্ লগতে কয় যে ভাৰতৰ লগত তিব্বতৰ ২,৫০০ কিলোমিটাৰ সীমা আছে৷ এই সীমা চীনৰ সীমা নহয গতিকে ভাৰত–চীন সীমান্ত বুলি কোৱাটো অনুচিত৷ আমেৰিকাৰ দুখন ডাঙৰ প্রদেশ কেলিফ’র্নিয়া আৰু টেক্সাছৰ সমান হ’ব তিব্বতৰ মাটিকালি৷ তিব্বতৰ পৰাই ১০খন বৃহৎ নদী এছিয়াৰ বিভিন্ন স্থানলৈ বৈ গৈছে৷ আনকি ব্রহ্মপুত্রৰ ৪০ শতাংশ পানীও তিব্বতৰ হিমবাহৰ পৰা অহা৷ এই ব্রহ্মপুত্র নদীখনেই অসম আৰু বাংলাদেশৰ জীৱনৰেখা৷ চীনে ইতিমধ্যে ব্রহ্মপুত্রত তিনিটা বান্ধ নির্মাণ কৰিছে৷ আন এটা বৃহৎ নদীবান্ধৰ নির্মাণ চলি থকাৰ খবৰো ওলাইছে৷ যদিহে ব্রহ্মপুত্রৰ গতিপথ চীনে সলাই দিয়ে, তেনেহ’লে সমগ্র অসমৰ জীৱন–জীৱিকা সংকটত পৰিব৷

বাৰিষাৰ বাহিৰে আন সময়ছোৱাত ব্রহ্মপুত্রত পানী নোহোৱা হৈ যাব৷ পৰিৱেশৰ উপৰি সামৰিক দিশৰ পৰা ভাৰতৰ বাবে তিব্বত অত্যন্ত গুৰুত্বপূর্ণ৷ চীনে প্রথমতে তিব্বত দখলৰ পাছত এতিয়া ছিকিম, নেপাল, অৰুণাচল প্রদেশ, ভূটান, লাডাখৰ ওপৰত আগ্রাসন আৰম্ভ কৰিছে৷ ভাৰতে যাৰ বাবে সীমান্তত লাখ লাখ সেনা নিয়োগ কৰিবলগীয়া হৈছে৷ ফলত ভাৰতৰ বাজেটৰ এটা বৃহৎ অংশ সীমান্তৰ সুৰক্ষাৰ নামত ব্যয় হৈ আছে৷ তিব্বত স্বাধীন হ’লে এই সীমা বিবাদৰ অন্ত পৰিব৷ তিব্বত প্রশাসনৰ নির্বাসিত প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয় যে উন্নয়নৰ সপোন দেখুৱাই প্রথমতে চীনে তিব্বতত প্রৱেশ কৰিছিল আৰু পৰৱর্তী সময়ত কৌশলেৰে দখল কৰি লয়৷ এতিয়া সমগ্র তিব্বতৰ চীনে অহৰহ খনিজ পদার্থ আহৰণ কৰি আছে৷ ইয়াৰ ব্যৱহাৰ হোৱা ৰাসায়নিক দ্রব্য ব্রহ্মপুত্রত পেলাই দিয়াৰ ফলত নদীৰ পানী প্রদূষিত হৈছে৷ চীনৰ এনে কাম–কাজৰ ফলত অৰুণাচল প্রদেশত মাজে মাজে ব্রহ্মপুত্রৰ পানী ক’লা দেখা যায়৷ সেই বাবেই তিব্বতৰ স্বাধীনতাৰ প্রশ্ণটো গুৰুত্ব সহকাৰে ল’বলৈ তেওঁ ভাৰত চৰকাৰক অনুৰোধ জনায়৷

You might also like