নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিজুছাৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য্যই হাত বাউলি মাতিছে বনভোজ প্ৰেমীক

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ :- মধ্য অসমৰ অসম-অৰুণাচল সীমান্তবৰ্তী বিশ্বনাথ জিলাৰ চিজুছাৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য্যই হাত বাউল দি মাতিছে বনভোজ প্ৰেমী সকলক। শীতৰ আগমনৰ লগে লগে প্ৰকৃতিৰ বিনন্দিয়া ৰং ৰূপেৰে সমাহিত চিজুছাত প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিন শ-শ বনভোজ দল ইয়াত উপস্থিত হৈ  প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি বৰদিকৰাই নদীৰ কাষত বহি লগে ভাগে এসাঁজ খাই আনন্দ উপভোগ কৰা দেখা যায়। শীতৰ আগমনৰ লগে লগে অৰুণাচলৰ পাকে অৰ্থাৎ বৰদিকৰাই নদীৰ নিৰ্মল পানীত  পৰিভ্ৰমী পক্ষীৰ জল কেলিয়ে   বনভোজৰ দল সমুহক বৰকৈ আনন্দৰ খোৰাক দিয়ে। ইয়াৰোপৰিও অৰুণাচলৰ সুউচ্চ পাহাৰ সমুহ আৰু নদীৰ গাতে লাগি থকা নামেৰীৰ ঘন জংঘলৰ মনোমোহা সৌন্দৰ্য্যই দুৰ দুৰনিৰ পৰা বনভোজৰ দল সমুহে প্ৰাকৃতিক সৌন্দৰ্য্যৰ ভৰপূৰ আনন্দ উপভোগ কৰে। চলিত বৰ্ষৰ যোৱা সপ্তাহৰ পৰা ইয়ালৈ বনভোজৰ দলৰ সমুহ অহা আৰম্ভ হৈছে। তেজপুৰ পৰা মাত্ৰ সত্তৰ কিলোমিটাৰ দুৰত অৰ্থাৎ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চৈবাৰীৰ পৰা ২৪ কিলোমিটাৰ দূৰৈত থকা চিজুছা বনভোজস্থলি বৰ্তমান বিশ্ব নাথৰ পৰ্যটন বিভাগে চাফ চিকুণ কৰি আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।অতি চাফ চিকুন পৰিবেশ আৰু খোৱাৰ উপযোগী নিৰ্মল জলৰাশিয়ে ঘাইকৈ চিজুছাক বনভোজৰ অনন্য স্থলি হিচাপে পৰিনত কৰিছে।স্থানীয় যুৱক সকলে এই অঞ্চলটোৰ পৰিবেশ সংৰক্ষনৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহন কৰি প্ৰতিদিনে স্বেচ্ছামূলক সেৱা আগবঢ়াই আহিছে যাৰ বাবে অঞ্চলটোৰ  পৰিবেশ নিকা আৰু নিৰ্মল হৈ থাকে।লগতে স্থানীয় ৰাইজে শান্তিপূৰ্ন পৰিবেশ বৰ্তাই ৰাখিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহন কৰাত বনভোজ দল সমূহৰ বাবে চিজুছা এক আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
You might also like